ঢকুৱাখনা মহাবিদ্যালয়লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : বিশ্ববিদ্যালয় অনুদান আয়োগে আজি স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ আজি বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰিছে। ১৯৬৬ চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনক বিগত ২৭ আগষ্টত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক উচ্চস্তৰীয় বৈঠকত স্বায়ত্তশাসিত মহাবিদ্যালয়লৈ উন্নীত কৰাৰ চৰ্তসাপেক্ষে অনুমোদন প্ৰদান কৰাৰ কথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ উপ-সচিব ড০ গোপী চান্দ মেৰেগু স্বাক্ষৰিত পত্ৰযোগে অৱগত কৰিছে। যোৱা ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত পত্ৰখন আজি লাভ কৰাৰ লগে লগে মহাবিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্ল হৈ পৰিছে। এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ যোগানন্দ সুতে জনাইছে যে মহাবিদ্যালয়খনক স্বায়ত্তশাসিত পৰ্যায়লৈ উন্নীত কৰাটো এটা প্ৰধান লক্ষ্য আছিল। কাৰণ বিশ্ববিদ্যালয়ৰ অধীনত থকা অৱস্থাত মহাবিদ্যালয় এখনৰ নতুন পাঠ্যক্রম প্ৰৱৰ্তন কৰাৰ স্বাধীনতা নাথাকে। এনে কাৰণতে বহুবোৰ সুবিধা থকা সত্ত্বেও মহাবিদ্যালয়খনে বিজ্ঞান শাখা আৰু কেইটামান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পৰা নাছিল। স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পিছত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনত বিশেষ অসুবিধা নাথাকিব। লগতে মহাবিদ্যালয়খনে নিজাববীয়াকৈ বৃত্তিমুখী পাঠ্যক্ৰম আৰু পি এইচ ডি পৰ্যন্ত পাঠ্যক্রম প্ৰৱৰ্তন কৰিব পাৰিব। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ যোগানন্দ সুতে এই প্ৰাপ্তি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যৰ লগতে মহাবিদ্যালয়খনৰ শুভাকাংক্ষী সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতি বুলি অভিহিত কৰি মহাবিদ্যালয়খনৰ গৌৰৱ যাত্ৰা অব্যহত ৰাখিবলৈ অনাগত দিনত সকলোৰে ইতিবাচক সঁহাৰিৰ আহ্বান জনায়।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured