ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল ঢকুৱাখনা মহাবিদ্যালয়

🔹 ইণ্ডিয়া টুডেৰ সমীক্ষা

নিয়মীয়া বাৰ্তা,  ১ জুলাই : ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ২০২৪ বৰ্ষৰ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰি ঢকুৱাখনা মহাবিদ্যালয়ে লখিমপুৰ জিলাৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। ইণ্ডিয়া টুডে এম ডি আৰ এ বেষ্ট কলেজ ৰেংকিং ২০২২৪ত কলা শাখাত ১৪২নং আৰু বিজ্ঞান শাখাত ১৯২নং স্থান দখলেৰে এই মহাবিদ্যালয়খনে ৰাজ্যৰ শিক্ষাখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনিলে। বেষ্ট আৰ্টছ কলেজ শিতানত ঢকুৱাখনা মহাবিদ্যালয়ে ১৬৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ইণ্ডিয়া টুডে এম ডি আৰ এ বেষ্ট কলেজ ৰেংকিং ২০২৪ত অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে স্থান লাভ কৰিছে। দেশৰ শীৰ্ষস্থানীয় আলোচনী ইণ্ডিয়া টুডে-এ প্ৰতিবছৰে দেশৰ অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, স্থাপত্যবিদ্যা, আইন আৰু সাধাৰণ শিক্ষা প্ৰদান কৰি অহা শিক্ষানুষ্ঠানসমূহৰ মাজত এক সমীক্ষা চলাই দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ তালিকা প্ৰকাশ কৰি আহিছে। এই খবৰে ঢকুৱাখনা মহাবিদ্যালয়ত আনন্দৰ জোৱাৰ তুলিছে। উল্লেখ্য যে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতৰ নেতৃত্বত মহাবিদ্যালয়খনে ৰাজ্যৰ প্ৰেক্ষাপটত এক সুকীয়া স্থান দখল কৰি আহিছে। এই সফলতাৰ বাবে মহাবিদ্যালয় খনৰ প্ৰতিজন অধ্যাপক-অধ্যাপিকা, পৰিচালনা সমিতি, ছাত্ৰ- ছাত্ৰী আৰু স্থানীয় ৰাইজৰ‌ শলাগ লয় অধ্যক্ষ ড°যোগানন্দ সূতে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured