ঢকুৱাখনাৰ শ্ৰীশ্ৰীবাসুদেৱ থান নৰুৱা সত্ৰত পহিলা জানুৱাৰীত ভক্তৰ লানি নিছিগা সোঁত

নিয়মীয়া বার্তা, ১ জানুৱাৰী : নতুন আশা, প্রত্যাশা, সংকল্প লৈ ইংৰাজী নতুন বছৰক আদৰিলে বিশ্ববাসীয়ে। বিদায়ী বছৰটোৰ সকলো দুখ-দুর্দশা, অপায়-অমংগল নাশ হোৱাৰ লগতে নতুন বছৰটো মংগলময় হোৱাৰ কামনা কৰি পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰ, উপাসনাস্থলীত ভিৰ কৰিছে ভক্তিপ্ৰাণ ৰাইজে। অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰীবাসুদেৱ থান নৰুৱা সত্ৰতো। ইংৰাজী নৱবৰ্ষৰ প্ৰথম পুৱাই দেখা গ’ল শ্ৰীশ্ৰীবাসুদেৱ থান নৰুৱা সত্ৰত দূৰ-দূৰণিৰ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী-ভক্তৰ লানি নিছিগা সোঁত।বিগত বছৰবোৰৰ দৰেই আজিও পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাসহস্ৰ ভক্ত-দর্শনাৰ্থীৰ আগমন ঘটে। পুৱাই বন্তি, ধূপ, শৰাই-নৈবেদ্যৰে উপচি পৰে সত্ৰৰ চৌহদ। নৱবৰ্ষই যাতে নিজ পৰিয়ালটোৰ লগতে ৰাজ্যখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰেই কামনা কৰি হাতে হাতে চাকি-বন্তি লৈ অপায়-অমংগল নাশি, প্ৰশান্তি কামনাৰে বাসুদেৱ গোসাঁইৰ চৰণত অৰ্পণ কৰিলে নৈবেদ্য। সকলোৰে এটাই প্রার্থনা যে এই নতুন বছৰে কঢ়িয়াই আনক সকলোৰে মাজলৈ সুখ-শান্তি আৰু সকলোৰে মাজত থাকক ভাতৃত্ববোধৰ চানেকি। দুপৰীয়া ভাগত হোৱা বিশেষ নাম-কীৰ্তনত সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰে-বাহিৰে হাজাৰ হাজাৰ লোকে নাম-প্ৰসংগত ভাগ লৈ হৰিনাম কীৰ্তনত মগ্ন হোৱাও পৰিলক্ষিত হয়। ইফালে, ইংৰাজী নৱবৰ্ষৰ পহিলা পুৱা নৰুৱা সত্ৰলৈ অহা তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীসকলক শুভকামনা জনোৱাৰ লগতে অসমবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰি নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে শ্ৰীশ্ৰীবাসুদেৱ থান নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ দেৱগোস্বামীয়ে। আনহাতে, পূৰ্বৰ দৰেই বহুসংখ্যক লোকে দৈনন্দিন কৰ্মব্যস্ততা তথা হতাশা-হুমুনিয়াহক একাষৰীয়া কৰি বাসুদেৱ থানৰ সমীপত ঢকুৱাখনা-ঘূণাসুঁতি সংযোগী পথৰ কিলকিলি জানৰ পাৰত আত্মীয়-স্বজনৰ সৈতে একেলগে এসাঁজ তৃপ্তিৰে খাই আনন্দ-উছাহ প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই হালধীয়া সৰিয়হৰ দলিচাৰ মাজত সময় অতিবাহিত কৰি অনাবিল আনন্দত ডুব যোৱা পৰিলক্ষিত হয়।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured