ধলা–শদিয়া দলঙত বৃহৎ ফাট, ভাগিছে প্রথম খুঁটাৰ শ্লেপ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ স্বয়ং দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী শদিয়াত উপস্থিত হৈ উদ্বোধন কৰি থৈ যোৱা দেশৰ দ্বিতীয় দীর্ঘতম দলং ড০ ভূপেন হাজৰিকা সেতুখন নির্মাণৰ পাঁচ বছৰ পাছতে এটা অংশত ফাট মেলা সন্দর্ভত এক বাতৰি প্রচাৰ হোৱাৰ পাছতে সমগ্র অসমতে এতিয়া এই বিষয় তীব্র চর্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, কিছুদিন পূর্বে সেতুখনৰ আৰম্ভণি অংশ বা ৰাষ্ট্রীয় ঘাহপথ সংযোগী জিৰো পহণ্ট দিশৰ ১৮৪ নম্বৰ খুঁটা অর্থাৎ শদিয়াৰ দিশৰ পৰা আহিলে সেতুখন আৰম্ভ হোৱা প্রথম অংশটোত এক বৃহৎ ফাট মেলিছে বুলি জানিব পৰা গৈছিল৷ আনহাতে, এই সন্দর্ভত প্রকৃত তথ্য জানিবলৈ ‘নিয়মীয়া বার্তা’ৰ তৰফৰ পৰা উক্ত স্থানত গৈ জানিব পৰা যায় যে প্রকৃততে সেহ স্থান টুকুৰা এক আবেষ্টনীৰে ঘেৰি পুনৰ নির্মাণ কৰি থকা হৈছে৷ ইফালে, এই সন্দর্ভত জানিবলৈ বর্তমান পর্যায়ত সেতুখনৰ চোৱা–চিতাৰ তদাৰক কৰিবলৈ নিয়োজিত কৰা ‘চেঁকুৰা’ নামৰ কোম্পানীৰ কর্তৃপক্ষক যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁলোকে প্রকৃত তথ্য দিয়াৰ পৰা বিৰত থাকি গা–এৰা মন্তব্য প্রকাশ কৰিছে৷

আনহাতে, সেতুখনৰ আৰম্ভণি অংশটোৰ এটা অংশত পুনৰ নির্মাণৰ কাম আৰম্ভ হৈ আছে যদিও নিয়মীয়া যাতায়াতত এতিয়া কোনো ব্যাঘাত জন্মা পৰিলক্ষিত হোৱা নাহ৷ উল্লেখ্য যে ২০১৭ চনতে সেতুখনৰ নির্মাণৰ কাম সম্পন্ন কৰা দক্ষিণ ভাৰতৰ নৱয়গা হঞ্জিনীয়াৰিং নামৰ কোম্পানীটোৱে প্রায় ২০১৮ চনত পথ আৰু সুৰক্ষাৰ কাম তদাৰক কৰা আন এটা কোম্পানী ‘চেঁকুৰা’ৰ হাতত কাম অর্পণ কৰি গুচি যায়৷

আনহাতে, অন্য এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে প্রথমটো খুঁটাৰ প্রথমখন শ্লেপৰ তলৰ বেৰিংসমূহ ভাগি যোৱাৰ বাবে গধুৰ যান–বাহন আহ–যাহ কৰোঁতে শব্দ হৈছিল আৰু এদিন পূর্বৰে পৰা দলংখনত চোৱা–চিতাত নিয়োজিত কোম্পানীয়ে গধুৰ যান–বাহনসমূহ যোৱাত বাধা আৰোপ কৰি পুনৰ নির্মাণৰ কাম আৰম্ভ কৰিছিল৷

Featured