সত্ৰীয়া নৃত্যত সাংস্কৃতিক মন্ত্ৰালয়ৰ জলপানি লাভ মিৰ্জাৰ ধৃতিস্মিতাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুন : দক্ষিণ কামৰূপৰ মিৰ্জা গোপালপুৰ নিৱাসী বিমল কলিতা আৰু ৰিজু কলিতাৰ একমাত্ৰ কন্যা, মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ধৃতিস্মিতা কলিতাই ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সত্ৰীয়া নৃত্যত সাংস্কৃতিক প্ৰতিভা অনুসন্ধান বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি মিৰ্জাৰ গুৰুকুল সত্ৰীয়া কলা কেন্দ্ৰৰ সত্ৰীয়া নৃত্য শিক্ষাৰ্থী ধৃতিস্মিতা কলিতাই গুৰু অধ্যাপক হৰি প্ৰসাদ শইকীয়া বৰ বায়নৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে। দক্ষিণ কামৰূপৰ এক অগ্ৰগনি সত্ৰীয়া শিক্ষানুষ্ঠান গুৰুকুল সত্ৰীয়া কলা কেন্দ্ৰৰ অক্লান্ত পৰিশ্ৰমৰ বাবে দক্ষিণ কামৰূপৰ পৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক প্ৰতিভা অনুসন্ধান বৃত্তি লাভ কৰা প্ৰথম ছাত্ৰী। উক্ত অনুষ্ঠানৰ শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় ৰাইজে গৌৰৱবোধ কৰাৰ লগতে গুৰুকুল সত্ৰীয়া কলা কেন্দ্ৰৰ অৱদানৰ শলাগ লয়।ধৃতিস্মিতা কলিতাৰ সাফল্যৰ খৱৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত আনন্দৰ জোৱাৰ উঠিছে।

প্ৰেৰক ভগৱান দাস

Featured