বালিপৰাত প্ৰৱঞ্চক ধ্ৰুৱ বাছফৰক আটক

🔹 FINO FIENCIAL BANKৰে মেলিছিল প্ৰৱঞ্চনাৰ জাল

নিয়মীয়া বাৰ্তা,  ৪ ছেপ্টেম্বৰ : শোণিতপুৰৰ বালিপৰাত আজি আটক কৰা হয় এজন বিত্তীয় প্ৰৱঞ্চকক। জানিব পৰা মতে, বালিপৰাত FINO FIENCIAL BANK নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি প্ৰৱঞ্চকটোৱে মেলিছিল প্ৰৱঞ্চনাৰ জাল । ধৃত প্ৰৱঞ্চকটো তেজপুৰৰ ধ্ৰুৱ বাছফৰ বুলি জানিব পৰা গৈছে। প্ৰৱঞ্চকটোৱে শতাধিক গ্ৰাহকৰ পৰা ইতিমধ্যে সৰকালে কেইবালক্ষ টকা। যোৱানিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা আটক কৰে প্ৰৱঞ্চকটোক। প্ৰৱঞ্চকটোক ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে চাৰিদুৱাৰ আৰক্ষীয়ে।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured