ধুবুৰী নদী বন্দৰত অচলাৱস্থা

🟢মুম্বাইৰ মেচাৰ্ছ এ টু জেড এক্সিমে আপলোডিং চাৰ্জ বৃদ্ধিত ৰপ্তানীকাৰকে বন্ধ কৰিলে বাংলাদেশলৈ শিল প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ বিগত কেইদিনমানৰ পৰা স্তব্ধ হৈ পৰিছে ভাৰতীয় আভ্যন্তৰিণ জলপথ প্ৰাধিকৰণৰ অধীনস্থ ধুবুৰীৰ পঞ্চুঘাটৰ পৰা নদী বন্দৰেৰে বাংলাদেশৰে চলি থকা শিলৰ ৰপ্তানী। ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা এক বুজাবুজিৰ আধাৰত ভূটানৰ পৰা অহা শিল ধুবুৰীৰ এই নদী বন্দৰেৰ পৰা বৰলুইতেৰে পঠিওৱা হৈছিল বাংলাদেশৰ চিলমাৰী নদী বন্দৰলৈ। উল্লেখ্য যে, বিগত ২৫ আগষ্টৰ পৰা ভাৰতীয় জল প্ৰাধিকৰণে নদী বন্দৰটোৰ পৰিচালনা আৰু তত্বাবধানৰ বাবে অপাৰেটৰ ৰূপে মুম্বাইৰ মেচাৰ্ছ এ টু জেড এক্সিম নামৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিছিল। কিন্তু প্ৰতিষ্ঠানটোৱে দায়িত্ব পোৱাৰ পিছত নদী বন্দৰটোত নিয়োজিত মুঠ ১২ গৰাকী নিৰাপত্তা ৰক্ষাৰ ৬ গৰাকীক কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াৰৈ বৰ্খাস্ত কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছিল ক্ষোভৰ। শেহতীয়াকৈ মেচাৰ্ছ এ টু জেড এক্সিমে পূৰ্বৰ টন প্ৰতি ১৫০ টকা আপলোডিং চাৰ্জ অকষ্মাতে বৃদ্ধি কৰি ৩০০ টকাতকৈ অধিক কৰাক লৈ ক্ষুব্ধ হৈ পৰিছিল ধুবুৰীৰ নদী বন্দৰটোৰ সৈতে জড়িত চিএনজি আৰু এক্সপোৰ্টাৰ সকলে। উল্লেখ্য যে, নদী নন্দৰটোত চিএনজি ৰূপে ৬ গৰাকী জড়িত হৈ থকাৰ বিপৰীতে ৰপ্তানীকাৰী ৰূপে জড়িত হৈ আছে প্ৰায় ২০/২৫ গৰাকী লোক। ইপিনে নদী বন্দৰটোৰ তত্বাবধায়কৰ দায়িত্বত থকা প্ৰতিষ্ঠান আৰু ৰপ্তানীকাৰকৰ মাজৰ সম্পৰ্ক বৰ্তমানে ইমানেই তিক্ত হৈ পৰিছে যে দুয়ো পক্ষই পৰস্পৰৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত ইতিমধ্যে এজাহার দাখিল কৰা বুলিও জানিব পৰা গৈছে। উক্ত এজাহাৰৰ ভিত্তিত বিগত ২২ নৱেম্বৰৰ দিনা ধুবুৰীস্থ জাহাজ ঘাটেৰ তত্বাবধায়কৰ দায়িত্বত থকা মেচাৰ্ছ এ টু জেড এক্সিমৰ অঘোষিত শ্বিপিং এজেন্ট ৰূপে কাম কৰাৰ চৰ্চা থকা জাহিদুল ইছলাম আৰু জাহিদুল আলম নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। অৱশ্যে বিষয়টোলৈ ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিক ভাবে একো জনোৱা নাই যদিও  দুয়োৰে বিৰূদ্ধে ধন দাবী সন্দৰ্ভীয় ৰুজু হোৱা এক গোচৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হোৱা বুলি জানিব পৰা গৈছে। ইপিনে শেহতীয়াকৈ আপলোডিং চাৰ্জ বৃদ্ধিক লৈ ক্ষুব্ধ ৰপ্তানীকাৰক সকলে শেহতীয়াকৈ মেচাৰ্ছ এ টু জেডে নদীবন্দৰটোত স্বেচ্ছাচাৰিতা চলাই থকাৰ অভিযোগত বাংলাদেশলৈ শিল প্ৰেৰণ কৰা বন্ধ কৰিছে। ফলত বিগত কেইদিনমানৰ পৰাই স্তব্ধ হৈ পৰিছে ধুবুৰীৰ এই নদী বন্দৰটোৰে। অৱশ্যে ধুবুৰী নদী বন্দৰটোৰ অচলাবস্থা দূৰ কৰাৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এখন উচ্চ পৰ্যায়ৰ তিনিজনীয়া সমিতি গঠন কৰা বুলি জানিব পৰা গৈছ্।। জানিব পৰা মতে, প্ৰাধিকৰণৰ উপাধ্যক্ষ সুনীল কুমাৰ সিঙৰ নেতৃত্বাধীন এই বিনায়ক আজাদ (কাৰিকৰী) আৰু আঞ্চলিক সঞ্চালক (গুৱাহাটীৰ) এ চেলভাকুমাৰৰ এই তিনিজনীয়া দলটো আজি ধুবুৰীত উপস্থিত হোৱাৰ সম্ভাবনা আছে। ধুবুৰী নদী বন্দৰত সকলো পক্ষৰ সৈতে আলোচনা আৰু প্ৰমাণ সংগ্ৰহৰ পিছত তিনিজনীয়া এই সমিতিখনেলঘটনাৰ কাৰণৰ সাৰাংশ হিচাপে প্রথম প্রতিবেদন ১০ দিনৰ ভিতৰতে দাখিল কৰিব বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী 

Featured