হায় : পিঁয়াজ চুৰিৰ অভিযোগত আটক ধুবুৰী সদৰ থানাৰ হেড কনিষ্টবল

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ যোৱানিশা ধুবুৰীৰ নুনিয়াপট্টী অঞ্চলৰ এখন পিয়াঁজবাহী ট্ৰাকৰ পৰা পিয়াঁজ চুৰি কৰাৰ অভিযোগত এগৰাকী হেড কনিষ্টবল আটক হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, যোৱা নিশা বহিঃ ৰাজ্যৰ পৰা ধুবুৰীলৈ আহি উপস্থিত হৈছিল পিয়াঁজ পৰিবাহী এমপি ১৭এইচ এইচ/৪১৮৩ নম্বৰৰ এখন মালবাহী ট্ৰাক। নিশা ট্ৰাকখনক ৰখা হৈছিল চহৰখনৰ নুনিয়াপট্টী অঞ্চলৰ ভাটিগোলাৰ সমীপৰ এটা আস্থনাত। কিন্তু আজি পুৱা পিয়াঁজৰ বস্তুবোৰ নমাবলৈ লওঁতে সেই ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ এটা অংশ অংশ ফলা থকা দেখা যায় আৰু তেতিয়া ট্ৰাকখনত চুৰি হোৱা বুলি হুৱাদুৱাৰ সৃষ্টি হয়। পিছত ট্ৰাকখন পাৰ্কিং কৰা স্থানৰ কাষতে থকা এঘৰৰ চিচি কেমেৰাত চুৰিৰ সমগ্ৰ ঘটনা লিপিবদ্ধ হোৱা পোৱা যায়। চিচি কেমেৰাটোত লিপিবদ্ধ হোৱা ভিডিঅ’টোত হাতত ছাতি লৈ অহা এগৰাকী আৰক্ষীৰ খাকী পোচাক পৰিধান কৰা লোকে ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ ফালি প্ৰৱেশ কৰা দেখা গৈছিল। আনকি অলপ পিছত ভিতৰৰ পৰা সৰু এটা মোনা লৈ ট্ৰাকখনৰ পৰা নামি নিৰ্বিঘ্নে আঁতৰি অহাৰ দৃশ্যও লিপিবদ্ধ হৈছিল চিচি কেমেৰাত। অনুমান কৰা হৈছিল ট্ৰাকখনৰ পৰা আনুমানিক ১০/১৫ কেজি পিয়াঁজ চুৰি হৈছিল। এই ঘটনাক লৈ ধুবুৰীৰ ব্যৱসায়িক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিষয়টো গুৰুত্ব সহকাৰে লৈ ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে আৰম্ভ কৰিছিল অনুসন্ধান আৰু অৱশেষত যোৱা নিশাৰ সেই পিঁয়াজ চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত আজি আটক কৰা হয় শিৱেস সেনগুপ্ত নামৰ আৰক্ষীৰেই হেড কনিষ্টবল এগৰাকী। ধৃত সেনগুপ্ত ধুবুৰী সদৰ থানাত কৰ্মৰত বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured