ডিব্ৰু ছৈখোৱালৈ অশনি সংকেতঃ দুষ্কৃতিকাৰীৰ বাবে ধ্বংস হ’বলৈ ধৰিছে মূল্যবান সম্পদ 

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ : দেওহাঁহ আৰু বনঘৰচীয়া ঘোঁৰাৰ বাবে বিখ্যাত  ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে অশনি সংকেত। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক সামৰি থকা ৰাষ্ট্ৰীয় উদ্যানখনলৈ জীৱ শ্ৰেষ্ঠ মানুহৰ বাবেই নামি আনিছে অশনি সংকেত। নামত ৰাষ্ট্ৰীয় উদ্যান বুলি চলিছে যদিও উদ্যানখনৰ  ভিতৰত ডাঙৰ  গছ দেখাটো অতি  দুষ্প্ৰাপ্য । উদ্যানখনত চলে  জীৱ- জন্তুৰ  হত্যা যজ্ঞ। খাদ্যৰ অভাৱ, দুষ্ট প্ৰকৃতিৰ মানুহৰ অত্যাচাৰ নতুবা আন কিবা কাৰণত অৰণ্যৰ জন্তু বিলাক জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হয়।এই অভিযোগ তুলিছে প্ৰকৃতি প্ৰেমী সংগঠন সমূহে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, দুষ্ট প্ৰকৃতিৰ লোকৰ হাতোৰাত অৰণ্যৰ ভিতৰত ডাঙৰ গছ গছনি নিঃশেষ হোৱাৰ পাছত সম্প্ৰতি সৰু সৰু গছবিলাকৰ ওপৰত চকু পৰিছে। খৰি বিক্ৰী কৰি পৰিয়াল পোহ পাল দিয়া একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অভয়াৰণ্য খনলৈ গৈ সৰু সৰু গছবিলাক খৰি হিচাপে নিতৌ কাটি আহিছে। সৰু সৰু নাৱত ব্ৰহ্মপুত্ৰ নদী পাৰহৈ অভয়াৰণ্য খনলৈ গৈ সৰু গছবিলাক কাটি নাৱত তুলি ব্ৰহ্মপুত্ৰ নদী পাৰ কৰাই খৰি বিক্ৰী কৰি আহিছে বুলি জানিব পৰা গৈছে। ডাঙৰ ডাঙৰ গছ গছনি কাটি নিঃশেষ কৰাৰ পাছত সম্প্ৰতি সৰু সৰু গছবিলাকো কাটিবলৈ ধৰাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ  বিপদ নামি অহাটো নিশ্চিত। এখন ৰাষ্ট্ৰীয় উদ্যানত দুষ্ট চক্ৰই জধে মধে জীৱ জন্তু, গছ গছনি নিঃশেষ কৰিবলৈ ধৰা কাৰ্যক ৰোধ কৰিবলৈ  প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে  ৰাজ্যৰ বন বিভাগক দাবী জনাইছে।

প্ৰেৰক:- নৱজ্যোতি মৰাণ, কৰ্দৈগুৰি।

Featured