ডিব্ৰুগড়ত উন্মুক্ত চহৰ সুৰক্ষা নলাত উটি গল স্কুটীসহ এজন

বিশেষ বাৰ্তা, ২৯ জুনঃ আজি ডিব্ৰুগড়ত উন্মুক্ত চহৰ সুৰক্ষা নলাত স্কুটীসহ এজন ব্যক্তি উটি যোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে। যদিও সৌভাগ্যক্ৰমে ব্যক্তিগৰাকীৰ জীৱন ৰক্ষা পৰাৰ লগতে স্কুটীখন উদ্ধাৰ হয়। ঘটনাৰ বিবৰণী অনুসৰি কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়ত চহৰৰ সুৰক্ষা নলাত সোমাল স্কুটীসহ এজন ব্যক্তি। ডিব্ৰুগড় মহানগৰৰ ক’লৰোডৰ চহৰ সুৰক্ষা নলাত সংঘটিত হয় এই ঘটনা। জানিব পৰা অনুসৰি আজি দিনৰ ভাগত ৰাজীৱ চাহু নামৰ ব্যক্তিজনে দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি স্কুটীখন ষ্টাৰ্ট কৰিবলৈ লোৱাৰ সময়ত ষ্টাৰ্ট হোৱা স্কুটীখন নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীখনৰ সৈতে ডিব্ৰুগড় চহৰ সুৰক্ষা নলাত অকস্মাতে পৰি যায় ব্যক্তিজন আৰু কিছু দুৰ উটি যায়। লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ নলাটোৰ পৰা ৰাজীৱ চাহুক কোনোমতে প্ৰাণ ৰক্ষা কৰে।ইফালে স্কুটীখনৰ সৈতে প্ৰায় ৫ হাজাৰ টকা সামগ্ৰী পৰি যায় ডিটিপি নলাত। ইফালে এজন স্থানীয় যুৱকৰ প্ৰচেষ্টাত এ এছ ০৬ এচি ১১৩২ নম্বৰৰ স্কুটীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত এছ ডি আৰ এফ আৰু আৰক্ষী উপস্থিত থকাৰ সময়তে যুৱকজনে নলাত জঁপিয়াই স্কুটীখন উদ্ধাৰ কৰি প্ৰদৰ্শন কৰিলে নিজৰ সাহসীকতা। যুৱকজনৰ এই সাহসিকতাৰ বাবে যুৱকজনক পুৰস্কৃত কৰে স্কুটীখনৰ চালকজন। উল্লেখযোগ্য যে, ক’লৰোডত ইয়াৰ পূৰ্বে উন্মুক্ত নলাত সংঘটিত হৈছিল অনুৰূপ ঘটনা। শেহতীয়াকৈ ক’লৰোডত ডিটিপি নলাৰ ওপৰেদি বাগৰিছে কৃত্ৰিম বানপানী। পথৰ কাষত উন্মুক্ত হৈ থকা নলাটোত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু বৰ্তমানলৈকে ডিটিপি নলাটোক লৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পৌৰনিগমে।যাৰ বাবে পৌৰনিগমৰ গুৰুত্বহীনতাক লৈ তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে। অতি শীঘ্ৰে উন্মুক্ত ডিটিপি নলাটোত ডিভাইডাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় প্ৰশাসনক।

প্ৰেৰক বিভাস দুৱৰা

Featured