ডিব্ৰুগড়ত কৃত্ৰিম বানৰ মাজতে অঘটন : বিদ্যুৎস্পৃষ্ট হৈ শিক্ষকৰ মৃত্যু

বিশেষ বাৰ্তা, ৩০ জুন : কৃত্ৰিম বানৰ মাজতে ডিব্ৰুগড় চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কৃত্ৰিম পানীত সংযোগ ঘটা ইনভাৰ্টাৰৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল এজন লোকৰ। ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ শাৰীৰিক প্ৰশিক্ষক হিচাপে কৰ্মৰত প্ৰণৱ গাৰে নামৰ শিক্ষকজনে আজি পুৱা বিদ্যালয়ৰ ছাত্ৰাৱাসতে অকাল মৃত্যুক সাবটি লয়। ঘটনাৰ বিৱৰণী অনুসৰি, ইনভাৰ্টাৰৰ বৈদ্যুতিক তাঁৰ এডাল পানীত পৰি থকা দেখি ছুইচ অফ কৰি তা‍ঁৰডাল আ‍ঁতৰাই দিবলৈ চেষ্টা কৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয় প্ৰণৱ গাৰেই। ইফালে, লগে লগে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও শিক্ষকজনক মৃত ঘোষণা কৰে। অতি অমায়িক আৰু ভদ্ৰ শিক্ষকজনৰ মৃত্যুত বিদ্যালয়খনৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত প্ৰণৱ গাৰেৰ ঘৰ মাজুলীৰ ধনাই চাপৰিত। শেহতীয়াকৈ ডিব্ৰুগড় নগৰৰ কৃত্ৰিম বানৰ ফলত ইতিমধ্যে ২২টা ৱাৰ্ড জলমগ্ন হোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহ জলমগ্ন হৈছে। সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰাৱাসটো নিশাৰ ভিতৰত পানীত বুৰ যোৱাত ইনভাৰ্টাৰ তিতি থকাৰ বাবেই শোকাৱহ ঘটনাটো সংঘটিত হয়। শিক্ষকজনৰ মৃত্যু পৰিয়ালৰ লোকে সহজভাৱে মানি নোলোৱাৰ লগতে উচিত তদন্ত আৰু ক্ষতিপূৰণ দাবী কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

Featured