তিনি দিনে জলবন্দী ডিব্ৰুগড় : নিৰ্বিকাৰ পৌৰ নিগমৰ কৰ্তৃপক্ষ

🎯 আৰক্ষী চাউনীত চৰকাৰী ঘৰ এৰি আশ্ৰয় ললে হোটেল-ভাৰাঘৰত

🎯 কৃত্ৰিম বানত বুৰিল আৰক্ষীৰ জব্দকৃত শতাধিক বাহন

🎯 ২২ টা ৱাৰ্ডৰ অধিকাংশই পানীৰ তলতঃৰাষ্ট্ৰীয় ঘাইপথ বুৰিল

🎯 তিনি দিন পৌৰ নিগমৰ কাৰ্যালয়ত অচলাবস্থা

বিশেষ বাৰ্তা, ২৯ জুনঃ ডিব্ৰুগড় পৌৰ সভাৰ পৰা পৌৰ নিগমলৈ পৰ্যবেশিত হোৱাৰ পাছতেই আজি তিনিদিনে জলবন্দী অভিজাত্যৰ ডিব্ৰুগড়। তৎসত্ত্বেও যেন নিৰ্বিকাৰ পৌৰ নিগমৰ কতৃপক্ষ।সাধাৰণ বৰষুণৰ পানীৰ ফলতে ডিব্ৰুগড় মহানগৰবাসীয়ে জ্বলা-কলা খাব লগীয়া পৰিস্থিতিৰ স্বৃষ্টি হৈছে।সেয়ে এতিয়া কৃত্ৰিম বানক লৈ এক প্ৰকাৰ হাহাকাৰ লাগিছে ডিব্ৰুগড়ত।চোৰ গলে বুদ্ধি,বৰষুণ গলে জাপিৰ দৰেই ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় পৌৰ নিগমে।জাবৰ-জোঠৰ টানিব পৰা কেইবা কৌটি টকীয়া মেচিন খৰালি মাহতে আনি প্ৰদৰ্শনীমূলক চাফাই অভিযান চলাই বাহ,বাহ লৈছিল যদিও সেয়া এতিয়া ফুটুকা ফেনত পৰিনত হল। মহানগৰৰ সকলো নলাতে এতিয়া শ-শ কুইণ্টল জাৱৰ আৰু পেলনীয়া সামগ্ৰী।যাৰ ফলত জলনিস্কাষণ বা প্ৰবাহত বহু আহুকালৰ স্বৃষ্টি হৈছে।সেয়ে ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডতে এতিয়া কেৱল পানী আৰু পানী। মহানগৰ খনৰ মূল ৰাজপথকে ধৰি চহৰৰ কাষৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশত (গ্ৰেহাম বজাৰ,নালিয়াপুল) কৃতিম বানৰ কবলৰ লগতে জলমগ্ন বিস্তীৰ্ণ অঞ্চল।বিগত তিনিদিন ধৰি জলবন্দী হৈ আছে ডিব্ৰুগড় মহানগৰবাসী। ইফালে চহৰৰ মাজমজিয়াত অৱস্থিত আৰক্ষী চাউনীত ভয়ংকৰ ৰূপ লৈছে কৃত্ৰিম বানে। বানপানীৰ বাবে আৰক্ষী চাউনীৰ আৱাসীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বানৰ বাবে কৰ্তন কৰি দিয়া হৈছে আৰক্ষী চাউনীৰ আৱাসীসকলৰ বিদ্যুৎ। প্ৰায় দুই শতাধিক বাসগৃহ এতিয়াও পানীৰ তলত। আৱাসগৃহ এৰি ভাড়াঘৰ-হোটেলত আশ্ৰয় লৈছে বহু পৰিয়াল। ইফালে আৱাসীসকলৰ মাজত বিশুদ্ধ খোৱাপানীৰো অভাৱ ঘটিছে। আহ-যাহ কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে নাও। ইফালে আৰক্ষী চাউনীৰ ১৭১ ন‌ং চি আৰ পি এফ বেটেলিয়নতো অনুৰূপ পৰিস্থিতি। চিআৰপিএফ বেটেলিয়নৰ হেডকোৱাটাৰত একাঠু পৰ্যন্ত পানী সোমোৱাত স্থানান্তৰ কৰিবলগীয়া হৈছে বয়-বস্তু। বিগত তিনিদিন ধৰি চিআৰপিএফৰ কাৰ্যালয়ৰ কাম-কাজত ব্যাহত হৈ পৰা বুলি জানিব পৰা গৈছে। একেদৰে আৰক্ষী চাউনীত অৱস্থিত অসম আৰক্ষী অনাঁতাৰ সংগঠনৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে। ইফালে ডিব্ৰুগড় আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা প্ৰায় শতাধিক বাহন বিনষ্ট হ’ল আৰক্ষী চাউনীত। কৃত্ৰিম বানৰ বাবে উপঙি আছে জব্দকৃত বাহনকেইখন। অন্যহাতে কৃত্ৰিম বানে অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে চহৰৰ থানা চাৰিআলি আৰু উৰণীয়া সেঁতু সমীপৰ মানকটা পথত।যাৰ বাবে থানা চাৰিআলিৰ লগতে চহৰৰ মাজমজিয়াৰ বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হয় আজিৰ দিনটো।কেৱল সেয়াই নহয় চহৰখনৰ জালুকপাৰা পথ, জেইল ৰোড, পি এন ৰোড, লোহাৰপট্টি, বিচি দাস পথ, কে চি গগৈ পথ, গ্ৰাহাম বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ, নতুন নিৰ্মালী গাঁও, লক্ষীনগৰ, লাচিত নগৰ, শান্তিপাৰা, মিলন নগৰ,জীৱন ফুকন নগৰ,কাৰ্তিক পাৰা,সুভাষ পল্লী,গংগাপাৰা,সেউজপুৰ আদি অঞ্চলত কৃত্ৰিম বানৰ ফলত দুৰ্ভোগ ভূগিছে সাধাৰণ ৰাইজে।আজি তৃতীয় দিনাও অপৰিৱৰ্তিত হৈ থকা কৃত্ৰিম বানৰ ফলত জলবন্দী হৈ আছে পৌৰনিগমৰ কাৰ্যালয়,যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়, বনবিভাগৰ সামাজিক বনানীকৰণ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়, লোকনিৰ্মাণ বিভাগৰ (গৃহ নিৰ্মাণ) কাৰ্যালয়, পুৰণি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়, ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় চৌহদ আদিত।আনহাতেদি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰত কৃত্ৰিম বানে মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰাক লৈও বহুল চচা লভিছে।এজাক মোষলধাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত হাহাকাৰ লাগিছে চহৰবাসীৰ। অসমৰ প্ৰথমখন পৌৰসভা ডিব্ৰুগড় পৌৰসভাক পৌৰনিগমলৈ উন্নীত কৰা হ’ল যদিও কৃত্ৰিম বান সমস্যা সমাধানত গুৰুত্ব লাভ কৰা নাই ঐতিহাসিক চহৰখনে। পৌৰনিগম, জিলা প্ৰশাসন তথা ডিব্ৰুগড়ৰ চাৰিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সমাধান নহ’ল ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা। অন্যহাতে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাত দমে দমে পৰি আছে পেলনীয়া আৱৰ্জনা। কিন্তু কৃত্ৰিম বানৰ সময়তহে পেলনীয়া আৱৰ্জনা চাফা কৰিবলৈ উঠি পৰি লাগে পৌৰনিগম কিম্বা প্ৰশাসনৰ। অবৈজ্ঞানিক তথা অপৰিকল্পিতভাৱে নিৰ্মাণ হোৱা নলা-নৰ্দমাৰ নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেও তদন্ত কৰাত সাহস গোটাব পৰা প্ৰশাসন আৰু পৌৰ নিগমৰ। পৌৰনিগমলৈ উন্নীত হোৱাৰ পিছত গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰৰ দৰে সৃষ্টি হোৱা কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিয়ে উদঙাইছে ডিব্ৰুগড় মহানগৰৰ আন্ত:গাথনি সৱলীকৰণৰ নামত চৰকাৰৰ বিভাগীয় দপ্তৰৰ দায়িত্বহীনতা।

প্ৰেৰক বিভাস দুৱৰা

Featured