পাহৰিলেই নেকি? ৰমেন বৰুৱা নিৰুদ্দিষ্ট হোৱাৰ ৪০ দিন পাৰ হ’ল

🔹 ২২ জুলাইত লতাশিলৰ ঘৰৰ পৰা ওলাই যোৱাৰে পৰা সন্ধানহীন বিশিষ্ট শিল্পীগৰাকী

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : ভাবলেশহীনভাৱে কাকো একো জানিবলৈ নিদিয়াকৈ নীৰৱে তেওঁ ওলাই গৈছিল আপোন ঘৰখনৰ পৰা৷ লতাশিলৰ আশ্রমসদৃশ ঘৰখনৰ পৰা ওলাই যোৱা এই চিৰপৰিচিত দৃশ্যটো সকলোৰে বাবে কিছুদিন আগলৈকে সাধাৰণ হৈয়ে আছিল৷ কিন্তু ২২ জুলাইৰ অভিশপ্ত দিনটোৰ পৰা যে এই দৃশ্য আৰু কাহানিও কোনেও দেখিবলৈ নাপাব, এই কথা সপোনতো ভবা নাছিল ৰাইজে৷ অসমীয়া সংগীতৰ জগতখনক কেইবাটাও দশক ধৰি উজ্জীৱিত কৰি ৰখা শিল্পী ৰমেন বৰুৱা এনেদৰে যে সঁচাকৈয়ে নোহোৱা হৈ যাব, সেই কথা আজিও ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ ২২ জুলাইৰ সন্ধিয়া শিল্পীগৰাকী নিখোজ হোৱা খবৰটো বিজুলীগতিত চৌদিশে বিয়পি পৰাৰ পিছতে একপ্রকাৰ যেন শূন্যতাৰ সৃষ্টি হ’ল অসমীয়া সংগীত ক্ষেত্রখনত৷ ঘটনাটো সংঘটিত হোৱাৰ আজি ৪০ দিন অতিক্রম হ’ল৷ শিল্পীগৰাকী প্রকৃততে জীৱিত নে মৃত, সেয়াও ৰাইজে আজিলৈকে জানিবলৈ সক্ষম নহ’ল৷ অনাকাংক্ষিত বিপদৰ আশংকাত আৰক্ষীয়েও কেইবাদিনো ধৰি লুইতৰ বুকুৱেই হওক বা ৰাজ্যৰ বিভিন্ন প্রান্ততেই হওক, শিল্পীগৰাকীৰ সন্ধানত আৰক্ষীৰ উপৰি এছ ডি আৰ এফ–এন ডি আৰ এফে অভিযান চলালে যদিও সময়ৰ মূৰকত সকলো অভিযান ব্যর্থ হ’ল৷ উল্লেখ্য যে ২২ জুলাইৰ পিছত আৰক্ষীয়ে চলোৱা তদন্তত ব্রহ্মপুত্রৰ পাৰলৈকে শিল্পীগৰাকীয়ে যোৱাৰ প্রমাণ চিচি টিভিযোগে ওলাইছিল যদিও তাৰ পৰা কোনফালে তেওঁ গুচি গ’ল, সেই কথা আজিলৈকে সাধাৰণ নাগৰিকেতো বাদেই, স্বয়ং মহানগৰ আৰক্ষীৰ বিশেষজ্ঞৰ দলেও উলিয়াব নোৱাৰিলে৷ আধুনিক বিজ্ঞানে দিয়া সকলো তথ্য–প্রযুক্তি একত্রিত কৰি মহানগৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ সন্ধানত অভিযান চলোৱা বুলি দাবী কৰিছিল যদিও শিল্পীগৰাকীৰ অভিমানৰ আগত এই সকলো দাবী যেন অসাৰ প্রতিপন্ন হ’ল৷ সকলো মান–অভিমান সামৰি আগৰ দৰেই য’তেই নাথাকক কিয়, ঘৰলৈ উভতি অহাৰ বাবে একমাত্র কন্যাই জনোৱা কাতৰ আহ্বানকো শিল্পীগৰাকীয়ে যেন অৱমাননা কৰিলে৷ সহোদৰ ভাতৃ তথা বিশিষ্ট শিল্পী দ্বীপেন বৰুৱায়ো আৱেগিকভাৱে ককায়েকক পুনৰ ঘৰলৈ উভতি অহাৰ আহ্বান জনালে৷ গুণমুগ্ধসকলেও শিল্পীগৰাকীক উভতি অহাৰ আহ্বান জনোৱাৰ পিছতো আজিলৈকে সকলোৰে আহ্বান যেন তেওঁ উপেক্ষা কৰিলে৷ অপেক্ষাৰ ৪০টা দিন পাৰ হৈ গ’ল৷ আজিও কালৰ বুকুত একপ্রকাৰ প্রশ্ণচিহ্ণ হৈ ৰ’ল নিখোজ ৰমেন বৰুৱা৷ পৰিয়ালৰ লোকেও নাজানে কি কাৰণে শিল্পীগৰাকীয়ে লোকচক্ষুৰ আঁৰৰ পৰা নিজক নিলগাই ৰাখিলে৷ জনপ্রিয় শিল্পীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত উত্থাপিত হৈছিল বহু প্রশ্ণ৷ কিন্তু এই প্রশ্ণবোৰৰো আজিলৈকে সঠিক উত্তৰ নোলাল৷ শিল্পীগৰাকীৰ মৃত্যুক লৈ আজিও কোনোধৰণৰ সঠিক তথ্য–প্রমাণ নোলোৱাৰ পৰিপ্রেক্ষিতত ৰাইজ এতিয়াও আশাবাদী মৰমৰ শিল্পীগৰাকী নিশ্চয়কৈ কোনো অজ্ঞাত স্থানত কুশলে আছে৷ লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতিৰ সভাপতিৰ দায়িত্বত থকা শিল্পীগৰাকীৰ চকীখন আজিও সমিতিৰ বিষয়ববীয়াই সযতনে ৰাখিছে৷ সমিতিৰ নথিৰ পৰাও সভাপতিত্বৰ দায়িত্বত থকা তেওঁৰ নাম কর্তন কৰা নাই৷ সমিতিৰ সাধাৰণ সম্পাদক জগন্নাথ দাসে এই সন্দর্ভত আক্ষেপেৰে কয় যে এনেদৰে হঠাৎ ৰমেনদা নাইকিয়া হ’ব বুলি আমি সপোনতো ভবা নাছিলোঁ৷ সকলো সমস্যা নীৰৱে সহ্য কৰি সমাধান কৰিব পৰা ব্যক্তিত্বৰ লোক আছিল তেওঁ৷ কিন্তু ৰমেনদা যে এনেদৰে নাইকিয়া হ’ব পাৰে আমি ভবা নাছিলোঁ৷ যিহেতুকে এতিয়ালৈকে তেওঁৰ কোনো সন্ধান, সেয়া জীৱিত অথবা মৃতই হওক ওলোৱা নাই, গতিকে মনত এটা আমি ক্ষীণ আশা ৰাখিছোঁ- তেওঁ নিশ্চয় অজ্ঞাতবাসত আছে৷ ভগৱানক প্রার্থনা জনাইছোঁ– তেওঁ য’তেই থাকক মাত্র শান্তিৰে থাকক৷ আৰক্ষী প্রশাসনৰ অভিযান কাহানিবাই সামৰণি পৰিলে যদিও শিল্পী ৰমেন বৰুৱাৰ গুণমুগ্ধই আজিও আশা কৰি আছে বগা কুর্তা–পায়জামাৰে মুখত হাঁহিটো লৈ তেওঁ এদিন আহি সকলোৰে সন্মুখত উপস্থিত হ’ব৷

Featured