অভিনন্দন! ৰাজ্যত ডিজেলৰো চেঞ্চুৰী হাজাৰ টকীয়া হ’ল ৰন্ধন গেছো

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ পেট্র’ল–ডিজেলৰ মূল্যই ৰাজ্যত নিতৌ অভিলেখ সৃষ্টি কৰিছে৷ প্রতিনিয়ত বৃদ্ধি পাই আছে ইন্ধন দুবিধৰ মূল্য৷ চলিত অক্টোবৰ মাহৰ ভিতৰত পেট্র’ল–ডিজেলৰ দৰ ২২বাৰকৈ বঢ়োৱাৰ ফল এতিয়া সর্বসাধাৰণ জনতাই ভুগিবলগীয়া হৈছে৷ ৰাজ্যত ইতিমধ্যে প্রতি লিটাৰ পেট্র’লৰ দৰ ১০০ টকা অতিক্রম কৰাৰ পাছত চেঞ্চুৰী কোবালে ডিজেলেও৷

শুকুৰবাৰে  দিনটোত ঢ়কুৱাখনাত এক লিটাৰ ডিজেলৰ মূল্য হৈছে ১০০.০৬ টকা৷ ৰাজ্যৰ আন আন স্থানতো ডিজেলৰ মূল্যই শতকৰ ঘৰ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ তথ্য অনুসৰি আজি এক লিটাৰ ডিজেলৰ বিপৰীতে মূল্য আছিল গুৱাহাটীত ৯৭.২৪ টকা, বাক্সা জিলাত ৯৭.৮৪ টকা, বৰপেটা জিলাত ৯৭.৮১ টকা, বিশ্বনাথ জিলাত ৯৮.৫২ টকা, বঙাইগাঁও জিলাত ৯৭.৩৯ টকা, কাছাৰ জিলাত ৯৭.৮৪ টকা, চৰাইদেউ জিলাত ৯৮.৪৫ টকা, চিৰাং জিলাত ৯৭.২০ টকা, দৰং জিলাত ৯৭.৬১ টকা, ধেমাজি জিলাত ৯৮.৩২ টকা, ধুবুৰী জিলাত ৯৭.৮২ টকা, ডিব্রুগড় জিলাত ৯৭.৬১ টকা, ডিমা হাছাও জিলাত ৯৮.৬৪ টকা, গোৱালপাৰা জিলাত ৯৭.৭৮ টকা, গোলাঘাট জিলাত ৯৭.২৫ টকা, হাইলাকান্দি জিলাত ৯৮.১৮ টকা, হোজাই জিলাত ৯৮.১৩ টকা, যোৰহাট জিলাত ৯৭.৮২ টকা, কামৰূপ জিলাত ৯৭.২৪ টকা, কামৰূপ (মহানগৰ) জিলাত ৯৭.৪৩ টকা, কার্বি আংলং জিলাত ৯৭.৯১ টকা, কৰিমগঞ্জ জিলাত ৯৮.৪৬ টকা, কোকৰাঝাৰ জিলাত ৯৭.৪২ টকা, লখিমপুৰ জিলাত ৯৯.৪৮ টকা, মাজুলী জিলাত ৯৯.৫০ টকা, নগাঁও জিলাত ৯৮.৪৭ টকা, নলবাৰী জিলাত ৯৭.৮০ টকা, শিৱসাগৰ জিলাত ৯৮.১৬ টকা, শোণিতপুৰ জিলাত ৯৭.৪৩ টকা, তিনিচুকীয়া জিলাত ৯৭.২০ টকা, ওদালগুৰি জিলাত ৯৮.৫৩ টকা আৰু পশ্চিম কার্বি আংলং জিলাত ৯৮.৫৪ টকা৷ অনুৰূপ ধৰণে ৰাজ্যত পেট্র’লৰ মূল্যবৃদ্ধিয়েও জনসাধাৰণক জলাকলা খুৱাইছে৷

শুকুৰবাৰে দিনটোত মাজুলী আৰু লখিমপুৰ জিলাত প্রতি লিটাৰ পেট্র’লৰ মূল্যই ১০৭ টকা অতিক্রম কৰে৷ লখিমপুৰত ইন্ধনবিধৰ মূল্য ১০৭.০৫ টকা হোৱাৰ বিপৰীতে মাজুলীত আছিল ১০৭.০৯ টকা৷ প্রতিদিনে পেট্র’লৰ মূল্য বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত অনাগত সময়ছোৱাত ইয়াৰ দৰ যে অভাৱনীয় হ’ব, সেই কথা নিশ্চিত৷ আজিৰ দিনটোত প্রতি লিটাৰ পেট্র’লৰ মূল্য গুৱাহাটীত ১০৪.৬৫ টকা, বাক্সা জিলাত ১০৫.৩০ টকা, বৰপেটা জিলাত ১০৫.২৭ টকা, বিশ্বনাথ জিলাত ১০৬.০২ টকা, বঙাইগাঁও জিলাত ১০৪.৮২ টকা, কাছাৰ জিলাত ১০৫.২৫ টকা, চৰাইদেউ জিলাত ১০৫.৯৬ টকা, চিৰাং জিলাত ১০৪.৬১ টকা, দৰং জিলাত ১০৫.০৫ টকা, ধেমাজি জিলাত ১০৫.৮২ টকা, ধুবুৰী জিলাত ১০৫.২৮ টকা, ডিব্রুগড় জিলাত ১০৫.৫৭ টকা, ডিমা হাছাও জিলাত ১০৬.০৬ টকা, গোৱালপাৰা জিলাত ১০৫.২৪ টকা, গোলাঘাট জিলাত ১০৪.৬৫ টকা, হাইলাকান্দি জিলাত ১০৫.৬২ টকা, হোজাই জিলাত ১০৫.৫৯ টকা, যোৰহাট জিলাত ১০৫.২৮ টকা, কামৰূপ জিলাত ১০৪.৬৫ টকা, কামৰূপ (মহানগৰ) জিলাত ১০৪.৮৬ টকা, কার্বি আংলং জিলাত ১০৫.৩৮ টকা, কৰিমগঞ্জ জিলাত ১০৫.৯২ টকা, কোকৰাঝাৰ জিলাত ১০৪.৮৫ টকা, মৰিগাঁও জিলাত ১০৫.২৬ টকা, নগাঁও জিলাত ১০৫.৯৮ টকা, নলবাৰী জিলাত ১০৫.২৬ টকা, শিৱসাগৰ জিলাত ১০৫.৬৫ টকা, শোণিতপুৰ জিলাত ১০৪.৮৪ টকা, তিনিচুকীয়া জিলাত ১০৪.৬১ টকা, ওদালগুৰি জিলাত ১০৬.০৩ টকা আৰু পশ্চিম কার্বি আংলং জিলাত আছিল ১০৬.০৪ টকা৷ পেট্র’ল–ডিজেলৰ সৈতে ৰাজ্যৰ বজাৰ ব্যৱস্থাটো অংগাংগীভাৱে জড়িত হৈ আছে৷

কিয়নো অসমৰ দৰে ৰাজ্যত খাদ্য–সামগ্রীৰ সৰবৰাহ প্রধানতঃ পথ পৰিবহণৰ ওপৰতেই নির্ভৰশীল৷ এতিয়া পেট্র’ল–ডিজেলৰ প্রতিদিনে মূল্যবৃদ্ধি হোৱাৰ লগে লগে বজাৰতো খাদ্যবস্তু আৰু অত্যাৱশ্যকীয় সামগ্রীৰ জুই–ছাই দাম হৈছে৷ এটা সাধাৰণ পৰিয়ালৰ বাবে যেন এসাঁজ নিৰামিষ আহাৰ যোগাৰ কৰাটো কার্যতঃ হৈ পৰিছে অসম্ভৱ৷ সেইদৰে জনসাধাৰণে যাতায়াতৰ ক্ষেত্রতো মাত্রাধিক ভাৰা আদায় দিবলগীয়া হৈছে৷ মুঠৰ ওপৰত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে এতিয়া জলাকলা খুৱাইছে খাটিখোৱা সর্বসাধাৰণক৷ ইফালে, পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে বাঢ়িছে সম্প্রতি প্রতিটো পৰিয়ালতে অপৰিহার্য হৈ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো৷ অসমত ইতিমধ্যে এটা ঘৰুৱা ৰন্ধন গেছৰ মূল্যই এহাজাৰ টকা অতিক্রম কৰিছে৷ আজিৰ দিনটোত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত প্রতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ক্রমে ১,০৪৩ টকা আৰু ১০৩৪.৫০ টকা৷