চাৰিশ বছৰৰ পৰম্পৰাৰে হাতীমুৰা দুৰ্গা মন্দিৰত দুৰ্গা পূজাৰ আয়োজন

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ সাহিত্য, সংস্কৃতি, আধ্যাত্মিক ঐতিহ্যৰে চহকী নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শাৰদী দুৰ্গাপূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। বিগত বছৰ সমুহৰ দৰে এইবছৰো জাকজমকতা আৰু বিভিন্ন চমৎকাৰীতাৰে প্ৰায়বোৰ পূজা সমিতিয়ে দুৰ্গা পুজা উদযাপনৰ দিহা কৰিছে। ৰাইজক আকৰ্ষণ কৰিবৰ বাবে পুজা সমিতি সমুহে আকৰ্ষণীয় কাৰুকাৰ্য  প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ লগতে  পুজা মণ্ডপ আকৰ্ষণীয় ৰূপত সজাই তোলাৰ প্ৰয়াস কৰিছে।কেবাখনো পুজা সমিতিয়ে পোহৰৰ চমৎকাৰীতাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস অব্যাহত ৰাখিছে।এইবাৰ সমগ্র নগাঁও জিলাত তিনিশতাধিক পুজা মণ্ডপত দুৰ্গা পুজা অনুষ্ঠিত হোৱাৰ ওপৰিও জিলাখনৰ চাহবাগিচা সমূহতো দুৰ্গা পুজা অনুষ্ঠিত হব। বহু পুজা সমিতিৰ বাজেট ১০ লাখৰ পৰা ১৫ লাখ পৰ্যন্ত। ৰজাদিনীয়া পৰম্পৰাৰে জিলাখনৰ জখলাবন্ধাৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈসৰ্গিক শোভাৰ মাজত  হাতীমুৰা দুৰ্গামন্দিৰত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি চলিছে।চাৰিশ বছৰীয়া পুৰণি এই দুৰ্গা পুজা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।পুৰ্বৰ পৰম্পৰা ৰক্ষা কৰি শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ দাতিত অৱস্থিত কামাখ্যা মন্দিৰতো অনুস্থিত হব দুৰ্গা পূজা। এই পূজাও বহু পুৰণি। বসন্ত কালত এই মন্দিৰত হয় বাসন্তী পুজা। নগাঁও চহৰত বৃটিছ আমোলৰ সময়ত  জানকীসেন উকীলৰ উদ্যোগত অনুষ্ঠিত হোৱা বেলতলি দুৰ্গাপূজা তেওঁৰ পৰিয়াল বৰ্গই পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰি আহিছে। এই পুজাই এইবাৰ ১৬৫ বছৰত ভৰি দিছে বুলি জানিব পৰা গৈছে। নগাঁও চহৰৰ পুৰণি পুজা সমুহৰ ভিতৰত বীণাপানী নাট্যমন্দিৰ পুজা সমিতি ,আমোলাপট্টী পুজা সমিতি  নগাঁও বাঙ্গালী পুজখ সমিতি ,ফৌজদাৰীপট্টী পুজা সমিতি, হয়বৰগাও বাঙ্গালী পুজা সমিতি ,জ্যোতি ফ্লৱৰ মিল পুজা সমিতি অন্যতম। তদুপৰি নতুন বজাৰ পুজা সমিতি হয়বৰগাও মাকালি সংঘ, চামাদাৰ পট্টী পূজা সমিতি, পানীগাঁও ছয়আলি পূজা সমিতি , শংকৰ মিশ্যন পথ আই টি আই, নাজিৰাজান, খ্ৰীষ্টানপট্টী, শনিমন্দিৰ পথ ,ৰাজস্থানী পূজা সমিতিকে ধৰি নগাঁও চহৰত শতাধিক পুজা অনুষ্ঠিত হব। জিলাখনৰ অন্যতম পুৰণি শিলঘাট দুৰ্গাপূজা এইবাৰ উলহ মালহেৰে উদযাপনৰ প্ৰস্তুতি চলিছে। জিলাখনৰ কলিয়াবৰ ,চামগুৰি পুৰণিগুদাম ,উৰিয়াগাও, ৰূপহী, বঢ়মপুৰ, চাপানলা, কঠিয়াতলি, কামপুৰ, ৰহা, দক্ষিণপাট, ফুলগুৰি, বেবেজীয়া, জুৰীযা, ধিং আমবাগান, লাওখোৱা আদি বিভিন্ন স্থানত দুৰ্গা পুজাৰ প্ৰস্তুতি চলিছে। পুৰণিগুদামৰ লেৰেলা খনিকৰৰ কাঠৰ মুৰ্তিৰ পুৰণি পুজা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দুৰ্গা পুজাৰ প্ৰতিমা নিৰ্মাণ কৰা শিল্পী সকল এতিয়া আটক ধুনীয়াকৈ প্ৰতিমা নিৰ্মাণত ব্যস্ত।
প্ৰেৰক কনক হাজৰিকা
Featured