শদিয়া কলেজৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : অসম-অৰুণাচলৰ সীমান্তৱৰ্তী শদিয়াৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান শদিয়া মহাবিদ্যালয়ত ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় আৰু দিনটোৰ এক আড়ম্বৰপূৰ্ণ বিভিন্ন কাৰ্যসূচীৰে পুৱাৰ ভাগৰ পৰা বিয়লি ভাগলৈ মহাবিদ্যালয়খনৰ শিক্ষক- কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহায়-সহযোগত কাৰ্যসূচী সাফল্যমণ্ডিত হৈ পৰে। পুৱা ভাগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ভূপেন চুতীয়াই পতাকা উত্তোলনৰে কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলে মহাবিদ্যালয়ৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। অন্যহাতে পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মহাবিদ্যালয়খনৰ এই পৱিত্ৰ দিনটোতে মহাবিদ্যালয়ৰ লগত আৰম্ভণিৰে পৰা জড়িত হৈ থকা থকা বিভিন্ন ব্যক্তি থকা ১২গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে একোজনকৈ বিশিষ্ট বক্তাৰ একোটিকৈ বক্তৃতা প্ৰদান অনুষ্ঠান আয়োজন কৰে আৰু এই বছৰ উক্ত অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ বক্তা হিচাপে  আমন্ত্ৰিত হৈছিল অসমৰ অন্যতম ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট অনুবাদক, লিখক, শ্ৰীঅৰবিন্দৰ একান্ত অনুগামী তথা বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক দিগন্তবিশ্ব শৰ্মা। অন্যহাতে মহাবিদ্যালয়খনত তেওঁ উপস্থিত হোৱাৰ পিছতে তেওঁক শদিয়া মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰি শদিয়া মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনায় আৰু ইয়াৰ পিছতে তেওঁ উক্ত অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ তৰফৰ পৰা আগবঢ়াই দিয়া বক্তব্য প্ৰদানৰ যি মুখ্য বিষয়বস্তু “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” সম্পৰ্কত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি গভীৰ আধ্যাত্মিক তত্বমূলক বক্তব্য অৱলোকন কৰে। তেওঁৰ বক্তব্য প্ৰসংগত পোনপ্ৰথমে অসমৰ সমাজজীৱনৰ বাটকটিয়া স্বৰূপ অসমৰ এজন মহান মনিষিক শ্ৰদ্ধাৰে আৰু তেওঁক ৬০ বছৰ পূৰ্বৰ অসমখনৰ একমাত্ৰ দাৰ্শনিক বুলি অভিহিত কৰে আৰু সেইজনেই হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ অভিহিত কৰে যে এই মহান দাৰ্শনিক জনে পূৰ্বতেই অসমৰ জন গণক আলোকৰ যাত্ৰা সন্ধানত ব্ৰতী হবলৈ এক পোহৰৰ বাট দেখুৱাইছিল কিন্ত আজিও প্ৰশ্নৰ অৱতাৰনা হয় সঁচাকৈ অসমীয়া মানুহে আলোকৰ যাত্ৰা পাবলৈ সক্ষম হৈছোঁ নে! নে অসমৰ মানুহে তেওঁ আহ্বানক আজিও বুঢ়া আঙুলি দেখুৱাই আহিছে! আমাৰ সমষ্টি জীৱন আলোকৰ হল জানো! লগতে তেওঁ কয় যে বেদ’ আৰু উপনিষদে কেৱল ভাৰতবৰ্ষতে নহয় সমগ্র বিশ্বতে জ্ঞানৰ অভিযাত্ৰা প্ৰদান কৰিছে ৰূপকোঁৱৰৰ যি আহ্বান “তোৰে মোৰে আলোকৰে যাত্ৰা” ইও হৈছে বেদ’ আৰু উপনিষদৰ আধুনিক প্ৰতিধ্বনি,  লগতে এই কথাষাৰৰ তাৎপৰ্য তেতিয়াই উপলব্ধি কৰিব পৰা যাব যেতিয়া তেওঁ প্ৰসংগক্ৰমে মহাভাৰতৰ সেই যুদ্ধৰ কথা প্ৰকাশ কৰে। তেওঁ অৱলোকন কৰি কয় যে মহাভাৰতৰ যুদ্ধত কৌৰৱৰ তুলনাত পাণ্ডৱৰ সামৰিক শক্তি নিচেই নগণ্য তথা কম শক্তিশালী আছিল কিন্ত পাণ্ডৱৰ পক্ষত অৰ্জুন আছিল আৰু অৰ্জুন ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতি সমৰ্পিত এটা নিৰ্বাচিত যন্ত্ৰ আছিল আৰু এইয়াই দুৰ্যোধনৰ হিচাপ নিকাছত থকা বৃহৎ ভুল , তেওঁ অবলোকন কৰে গীতাত এই কথাষাৰৰ তাত্ত্বিক মহত্ব ভগৱান শ্ৰীকৃষ্ণই গীতাৰ ন’ নম্বৰ অধ্যায় বাইশ নম্বৰ শ্লোকত উল্লেখ কৰিছে যিসকলে ভগৱান শ্ৰী কৃষ্ণৰ লগত সংযুক্ত হয় কাম কৰে সেই সকলৰ লগত ভগৱান সদায় বিৰাজমান আৰু এইষাৰ কথাকে পুনৰ সুঁৱৰি তেওঁৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি গভীৰ তত্বমূলক বক্তব্য আগবঢ়াই । ইয়াৰ উপৰিও তেওঁ মহান মনিষি শ্ৰী অৰবিন্দৰ মহান বাণী সমূহ উদ্ধৃতি দি কয় যে অপূৰ্ণ মানৱৰ দ্বাৰা এখন পূৰ্ণ পৃথিৱী সৃষ্টি কৰাটো সম্ভৱ নহয় আৰু তেওঁ কয় যে পৃথিৱীক পৰিবৰ্তন কৰা একমাত্ৰ সহজ উপায় হল নিজক পৰিৱৰ্তন কৰা আৰু নিজক পৰিৱৰ্তন নকৰাকৈ এখন প্ৰদূষণমুক্ত পৃথিৱী কল্পনা কৰাটো এক বিৰাট ডাঙৰ ভণ্ডামি আৰু এনেকৈ কেতিয়াও ব্যক্তিত্ত্বৰ পৰিৱৰ্তন আৰু পূৰ্ণতা আনিব নোৱাৰি যিয়ে জীৱনৰ লক্ষ্যক পথভ্ৰষ্ট কৰে লগতে কয় জীৱনৰ লক্ষ্যত উপনীত হবলৈ নিজৰ ভিতৰত পূৰ্ণতা আনিব লাগিব। তেওঁ লগতে বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাক লৈও উদ্বিগ্ন হয় ব্যক্তব্য আগবঢ়াই যে বৰ্তমান শিক্ষা ব্যৱস্থা মাত্ৰ চাকৰি কেন্দ্ৰিক শিক্ষা ব্যৱস্থালৈ পৰিণত হৈছেগৈ য’ত মাত্ৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰদান এখন কাগজে ব্যক্তিগৰাকীক মাত্ৰ চাকৰি কেন্দ্ৰীক কৰি মাত্ৰ এটা নিৰ্দিষ্ট বিষয় বস্তুটে সীমাবদ্ধ কৰি ৰাখে সেইবাবে তেওঁ ছাত্ৰ- ছাত্ৰী সকলক চাকৰি কৰি চাকৰ কৰা মনোবৃত্তি পৰিহাৰ কৰি  নিজৰ প্ৰতিভাৰ লগতে নিজৰ ৰুচি থকা যিকোনো বিষয় বস্তুক আগবঢ়াই নি একো একোজন   সংস্থাপন সৃষ্টি কৰা মানৱ সম্পদলৈ পৰ্যবসিত হোৱাৰ পোষকতা কৰে। অন্যহাতে দিনযোৰা কাৰ্য্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত শদিয়া ভিভিন্ন প্ৰান্তৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থকাৰ উপৰিও শদিয়াৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি এক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু বিয়লি ভাগত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠান অন্ত পৰে ।

প্ৰেৰক সমৰ গগৈ

Featured