দিগন্ত বিশ্ব শর্মালৈ সন্মানীয় পিএইচডি অসম বিশ্ববিদ্যালয়ৰ

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰ : সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী তথা ভাৰতীয় সংস্কৃতি–দর্শন বিশেষজ্ঞ দিগন্ত বিশ্ব শর্মাক পিএইচডি ডিগ্রী প্রদানেৰে সন্মানিত কৰিব শিলচৰৰ অসম বিশ্ববিদ্যালয়ে৷ অহা ১৩ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত হ’ব লগা ২১সংখ্যক সমাৱর্তনত বিশিষ্ট লেখকগৰাকীক সন্মানীয় পিএইচডি ডিগ্রী প্রদানেৰে সন্মানিত কৰা হ’ব৷ ইয়াৰ বাবে অসম বিশ্ববিদ্যালয়ৰ উপাচার্য ৰাজীৱ মোহন পণ্টে আনুষ্ঠানিকভাৱে দিগন্ত বিশ্ব শর্মালৈ নিমন্ত্রণী–পত্র প্রেৰণ কৰিছে৷ উল্লেখ্য যে অকাডেমি বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মাক ইয়াৰ পূর্বে ডিব্রুগড় বিশ্ববিদ্যালয়ে প্রফেছৰ অৱ প্রেকটিচ ৰূপে নিযুক্তি দি সন্মানিত কৰিছিল৷ মন কৰিবলগীয়া যে দিগন্ত বিশ্ব শর্মাই ইতিমধ্যে ২০২০ বর্ষৰ ডিচেম্বৰৰ পৰা ২০২৩ বর্ষলৈ অনলাইনযোগে শ্রীঅৰবিন্দৰ দৃষ্টিৰে ভাৰতীয় সংস্কৃতি আৰু গীতা সম্পর্কত ৪০০টা বত্তৃণতা প্রদান কৰিছে৷

Featured