ডিগবৈৰ বিতৰ্কিত আৰক্ষী জোৱান চুকাফা চেতিয়াক ৰিজাৰ্ভ ক্ল’জ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ডিগবৈ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবিলত কালি এখন গৰু গাড়ীৰ পৰা ধন লৈ ৰাইজৰ ৰোষত পৰা বিতৰ্কিত আৰক্ষী কনিষ্টবল চুকাফা চেতিয়াৰ কৰ্মকাণ্ডই অসম আৰক্ষীক লজ্জানত কৰিলে। ঘটনা সন্দৰ্ভত অৱগত হৈ কনিষ্টবল চুকাফা চেতিয়াক এক নিৰ্দেশযোগে ৰিজাৰ্ভ ক্লজ কৰিছে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰৱে। লগতে তেওঁক শাস্তিমূলকভাৱে বদলি কৰিছে ডিগবৈ থানাৰ পৰা। জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সমগ্ৰ ঘটনা তদন্তৰ বাবে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াক নিৰ্দেশ প্ৰদান কৰি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে জিলা আৰক্ষী মুখ্য কাৰ্যালয়ত ৰিজাৰ্ভ ক্লজ কৰিছে চুকাফা চেতিয়াক। কনিষ্টবল চুকাফা চেতিয়াই এখন মটৰচাইকেলেৰে কালি অকলে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবিলত গৰু গাড়ী এখন খেদি খেদি ধৰি টকা লৈ এৰি দিছিল। স্থানীয় ৰাইজ আৰু দল সংগঠনে গৰু গাড়ীৰ পৰা টকা লৈ এৰি দিয়া প্ৰত্যক্ষ কৰি কনিষ্টবল চুকাফা চেতিয়া ৰাজপথত অপদস্থ কৰি ডিগবৈ আৰক্ষীক গতাই দিছিল।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

Featured