নলবাৰী মেডিকেল কলেজ সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত নলবাৰীৰ দক্ষিণগাৱঁত স্থাপন কৰা হ’ল নলবাৰী মেডিকেল কলেজ। কিন্তু মেডিকেল কলেজখন সংযোগী কেইবাটাও পথৰ দুৰৱস্থাই ৰোগী তথা সাধাৰণ ৰাইজক অতীষ্ঠ কৰি তুলিছে। নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰীৰ এনে এটা পথৰ দুৰৱস্থাই যাতায়ত ব্যৱস্থাৰ ছবিখনে পুনৰবাৰ ভেঁকোভাওনা প্ৰকট কৰি তুলিছে। মেডিকেল কলেজ সংযোগী উক্ত গুৰুত্বপূৰ্ণ পথটো হ’ল ১২ নম্বৰ দতৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰিগাঁৱৰ মাজেৰে যোৱা শংকৰ মন্দিৰৰ পৰা ঘগ্ৰাপাৰ দামোদৰধাম পাণ্ডুলা সংযোগী পথচোৱা। মনকৰিবলগীয়া যে পাইকাৰকুছি-কমাৰকুছি সংযোগী পথৰ বালিকুছি চ’কৰ পৰা মেডিকেল কলেজলৈ যাব পৰা উক্ত গুৰুত্বপূৰ্ণ পথচোৱাৰ অৱস্থা ইমানেই বেয়া যে এম্বুলেঞ্চ এখন যাব নোৱাৰা অৱস্থা। আনকি পথটোৰ কাষত থকা এটা পুখুৰীত মানুহক সজাগ কৰাৰ বাবে বাহৰ ৰেলিং দিব লগা হৈছে। ৰাষ্টাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। বৰষুণৰ পানী উপচি পৰা বাবে পথ নে গাত ধৰিবই নোৱাৰি। এনে পৰিস্থিতিত ৰোগী তথা ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে|যিটো সময়ত চৰকাৰখনে ৰাষ্টাঘাট সূচল হোৱা বুলি প্ৰচাৰ চলাই আছে তেনে সময়ত মেডিকেল কলেজলৈ যাব পৰা পথৰ দুৰাৱস্থাই সচেতন মহলক ভবাই তুলিছে। মন কৰিৱ লগা যে  চিকিৎসাখণ্ডত বৃহৎ পৰিবৰ্তনৰে নলবাৰী তথা দাঁতিকাষৰীয়া জিলা সমূহৰ ৰাইজৰ উপকাৰ সাধনৰ বাবে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ’ল মেডিকেল কলেজখন। কিন্তু মেডিকেল কলেজলৈ যাব পৰা সংযোগী একাংশ পথ আজিও মেৰামতি নকৰা  বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।যিটো সময়ত চৰকাৰখনে ৰাষ্টাঘাট সূচল হোৱা বুলি প্ৰচাৰ চলাই আছে তেনে সময়ত মেডিকেল কলেজলৈ যাব পৰা পথৰ দুৰাৱস্থাই সচেতন মহলক ভবাই তুলিছে। এনেক্ষেত্ৰত শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে সাধাৰণ ৰাইজে|
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
Featured