নাকেৰে বাঁহী বজাই ৰাইজৰ সমাদৰ বুটলিছে দিলীপ গোৱালাই 

নিয়মীয়া বাৰ্তা, ১১ মে’ : অসমৰ নাম-ভূমিকা বিশ্বৰ পাতত সোণালী আখৰে লিখা বহু যুগ হ’ল ৷ সম্পদ-প্ৰতিভাৰ দিশৰ পৰা কোনো ক্ষেত্ৰতে পিছ পেলাব নোৱাৰি অসমভূমিক ৷ অসমত এনে কিছু বিৰল প্ৰতিভাৰ গৰাকী আছে, যাক লৈ এই ভূমিৰ নাগৰিকে গৌৰৱ কৰে অথবা গৌৰৱ কৰিবলগীয়াই ৷ অৱশ্যে অদ্যাপি পোহৰলৈ নহা কিছুসংখ্যক প্ৰতিভাৱানো আছে এই মুলুকত৷  তেনে এগৰাকী ব্যক্তি হৈছে  প্ৰায় ৫০ বছৰীয়া  দিলীপ গোৱালা৷  আপুনি হয়তো মুখেৰে বাঁহী বজোৱা দেখিছে ! কিন্তু নাকেৰে ? এইক্ষেত্ৰত কিছু ব্যতিক্ৰম জোনাই পুৰণা জেলমস্থিত পেগু চাহ বাগানত শ্ৰমিক হিচাপে কৰ্মৰত  প্ৰায় ৫০ বছৰীয়া দিলীপ গোৱালা। মুখৰ লগতে তেওঁ নাকেৰেও বজাব পাৰে বাঁহী৷ লোকজনে বাঁহী বজায়, বাঁহী বজোৱা লোক বিশ্বত বিৰল নহয় যদিও জোনাইৰ দিলীপ গোৱালাৰ কথাই সুকীয়া ৷ দিলীপ গোৱালাৰ বাঁহী বজোৱা শৈলী তবধ মানিবলগীয়া। কিয়নো মুখেৰে নহয়, নাকেৰে বাঁহী বজায় দিলীপ গোৱালাই ৷ দিলীপ গোৱালাৰ ঘৰ ঢকুৱাখনাৰ মাতমৰা জানজজিত ৷ আৰ্থিকভাৱে দুৰ্বল দিলীপ গোৱালা সম্প্ৰতি ধেমাজি জিলাৰ জোনাই মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত এখন চাহ বাগিচাত বসবাস কৰে। দিলীপ গোৱালাই জানিবলৈ দিয়া মতে, সৰুৰে পৰাই ঢকুৱাখনাৰ মাতমৰাৰ জানজজিৰ ব্ৰহ্মপুত্ৰ পাৰৰ চাপৰিত গৰু-ম’হ চৰাই থাঁকোতে নাকেৰে বাঁহী বজাব শিকিছে ৷ সৰুৰে পৰাই তেওঁ নাক আৰু মুখেৰে বাঁহী বজাব পৰাৰ উপৰি টোকাৰী, হাৰমণিয়াম বজাৱা বিৰল প্ৰতিভাৰ গৰাকী তেওঁ । এটা সময়ত মিচিং সমাজৰ জনপ্ৰিয়  নিতম দকচিৰি খ্যাত তথা সদ্যঘোষিত সংগীত নাটক বঁটাপ্ৰাপ্ত তৰাৱতী মিলি বৰিৰ সৈতে বাঁহী বজোৱাৰ সুযোগ লাভ কৰিছিল৷ অৱশ্যে বৰ্তমান মাথোঁ বাঁহীটোহে আছেগৈ দিলীপ গোৱালাৰ লগত। কৰ্মসূত্ৰে জোনাইলৈ অহাৰ পূৰ্বে হাৰমণিয়াম-টোকাৰীসমূহ  ঢকুৱাখনা মাতমৰা জানজজিতে বন্ধুক  উপহাৰ হিচাপে দি আহিছে বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে দিলীপ গোৱালাই বিভিন্ন পৰম্পাৰগত  মিচিং, অসমীয়া,  হিন্দী গীত আদিতো বাঁহী সংগত কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এটা কথা উল্লেখ কৰিব লাগিব যে দিলীপ গোৱালাই চাহ বাগানত দিন হাজিৰা কৰি চলাই নিছে পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ ৷ তদুপৰি চাহ বাগানত কাম-কাজত ব্যস্ত থকা দিলীপ গোৱালাই বহু কষ্টৰ মাজতো সময় উলিয়াই বাঁহীটোত ফুঁ দি উলিয়ায় বিভিন্ন মধুৰ সুৰ সমলয়। এই কাৰ্যৰে দিলীপ গোৱালাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক কৰবী দলে

Featured