ডিমা হাছাও কংগ্রেছশূন্য হোৱাটো কোনো নতুন কথা নহয় : পীয়ূষ হাজৰিকা

🔹 ৫৫ শতাংশ ভোট লাভেৰে পৰিষদ গঠনৰ দিশে বিজেপি

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত নিৰংকুশ বিজয়েৰে পুনৰ ক্ষমতা দখল কৰা বিজেপিয়ে এই নির্বাচনত বিৰোধীৰ অস্তিত্বক নস্যাৎ কৰাই নহয়, পাহাৰীয়া জিলাখনত দলৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ সক্ষম হ’ল৷ দলৰ এনে বিজয়ক লৈ আজি ডিমা হাছাও জিলাৰ নির্বাচনৰ দায়িত্বত থকা মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে ৰাজ্যৰ জনজাতীয় লোকসকলৰ মাজত বিজেপিয়ে স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে৷ এইবাৰ নির্বাচনত বিজেপিয়ে ৫৫ শতাংশ ভোট লাভ কৰিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছে লাভ কৰিছে মাত্র ৮শতাংশ ভোট৷ মন্ত্রীগৰাকীৰ মন্তব্য– কংগ্রেছ পাহাৰীয়া জিলাত শূন্য হোৱাটো কোনো নতুন কথা নহয়৷ বিগত নির্বাচনসমূহত কংগ্রেছে কেৱল শূন্যই লাভ কৰি আহিছে৷ সেয়া কার্বি আংলং স্বায়ত্তশাসিত নির্বাচনেই হওক, বিটিআৰৰ নির্বাচনেই হওক বা জনজাতীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ নির্বাচনেই হওক, সকলোতে কংগ্রেছে শূন্য লাভ কৰিছে৷ ক’ৰবাত দুই-এখন আসন লাভ কৰিছে যদিও সেয়াই কংগ্রেছৰ অস্তিত্ব ৰক্ষা কৰিব পৰা নাই৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰাই কংগ্রেছে দেখিছে কেৱল পৰাজয়ৰ মুখ৷ এতিয়া ৰাজ্যৰ জনজাতীয় লোকসকলে, আদিবাসী লোকসকলে বা অ’বিচি লোকসকলে কংগ্রেছক ভোট দিবলৈ ইচ্ছা নকৰে৷ কংগ্রেছে অসমীয়া বা ভাৰতীয়ৰ ভোট লাভ নকৰে৷ যাৰ বাবে প্রতিটো নির্বাচনতেই কংগ্রেছ ধৰাশায়ী হৈছে৷ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত একেই ধৰণে কংগ্রেছে মাত্র ৮ শতাংশ ভোট লাভ কৰি অস্তিত্ব হেৰাই পেলাইছে৷ উল্লেখ্য যে কালি ঘোষিত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে ২৫খন আৰু নির্দলীয়ই তিনিখন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ যি তিনিগৰাকী নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে, সেই প্রার্থীকেইজনেও বিজেপিৰ পৰা প্রার্থিত্ব বিচাৰি বিমুখ হোৱাৰ পাছতহে নির্দলীয় ৰূপে প্রতিদ্বন্দ্বিতা কৰিছিল৷ আজি সংবাদ মাধ্যমৰ আগত পীয়ূষ হাজৰিকাই এই সন্দর্ভত উল্লেখ কৰে যে স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে কংগ্রেছ বা আন দলৰ লগত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা নাই৷ সমষ্টিসমূহত বিজেপিৰ প্রতিদ্বন্দ্বিতা হৈছে নির্দলীয় প্রার্থীৰ সৈতেহে৷ সেই হিচাপত যদি বিজেপিৰ ভোট লাভ কৰা হাৰ হিচাপ কৰা হয় তেন্তে যথেষ্ট অধিক হ’ব৷ ইয়াৰ বিপৰীতে কংগ্রেছে মাত্র ৮ শতাংশ ভোটহে লাভ কৰিছে৷ অর্থাৎ ৮ শতাংশ লোকেহে কংগ্রেছক ভোট দিছে৷ ডিমা হাছাও জিলাত ৩৫ শতাংশ লোক খ্রীষ্টান ধর্মাৱলম্বী লোক৷ এনে পৰিৱেশৰ পাছতো বিজেপিয়ে ডিমা হাছাও জিলাত ৫৫ শতাংশ ভোট লাভ কৰিছে৷ আনহাতে, পৰিষদীয় নির্বাচনত বিৰোধীয়ে বন্দুকৰ আগত নির্বাচন হোৱা বুলি উত্থাপন কৰা অভিযোগকো মন্ত্রীগৰাকীয়ে নস্যাৎ কৰি কয় যে জিলাখনত নির্বাচনৰ সময়ছোৱাত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ গোচৰ ৰুজু হোৱা নাই৷ তেনেস্থলত বিৰোধীয়ে নির্বাচনক লৈ উত্থাপন কৰা অভিযোগসমূহ সম্পূর্ণ গুৰুত্বহীন তথা ভুৱা৷ উল্লেখ্য যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে ৬খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল৷ আনহাতে, ১৯টা সমষ্টি দখল কৰি শাকীয় দলটোৱে পুনৰ পৰিষদ গঠনৰ দিশে আগবাঢ়িছে৷

Featured