বিশ্বনাথৰ দিৰিং চাহ বাগিচাত নাবালিকাক নিচাযুক্ত টেবলেট সেৱন কৰাই অপকৰ্ম

🔹 লম্পটক  নিশা গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : নিচাযুক্ত টেবলেট সেৱন কৰাই নাবালিকাৰে অপকৰ্ম সংঘটিত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশ্বনাথৰ দিৰিং চাহ বাগিচাৰ ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ সৈতে এক লম্পটে সংঘটিত কৰে জঘন্য কাণ্ড। বৃহস্পতিবাৰে তিনিসুঁ‌তিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাৰ লগত অপকৰ্ম  কৰাৰ অভিযোগ কামাল মহানন্দৰ বিৰুদ্ধে।তিনিসুঁ‌তিত বজাৰ কৰাৰ পিছত নাবালিকাগৰাকীয়ে দিৰিং চাহ বাগিচাৰ কামাল মহানন্দ নামৰ লম্পটটোৰ অপকৰ্মৰ কথা পোহৰলৈ আনে। অভিযোগ মতে, নিশা নিচাজাতীয় টেবলেট সেৱন কৰাই কিশোৰীগৰাকীৰ লগত অপকৰ্মত লিপ্ত হৈছিল কামাল মহানন্দ ৷ ঘটনাৰ পিছত পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত যোৱানিশা বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰে কামাল মহানন্দক আৰু নিশাৰ ভাগতে বিশ্বনাথ জিলা চিকিৎসালয়ত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে ৷ ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে কামাল মহানন্দক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

প্ৰেৰক জয়ন্ত বৰা

Featured