কামৰূপ জিলা পৰিবহণৰ মটৰ চাইকেল ৰেলী, জিলা প্ৰশাসনৰ চাইকেল ৰেলী

🔹 হৰ ঘৰ ত্ৰিৰংগা 

বিশেষ বাৰ্তা, ১৩ আগষ্ট : ৭৮সংখ্যক স্বাধীনতা দিৱসত প্ৰতিজন ভাৰতীয়ৰ ঘৰৰ পদূলিত জিলিকি উঠক স্বাধীন ভাৰতৰ স্বাভিমানৰ প্ৰতীক ত্ৰিৰংগা। স্বাধীন ভাৰতৰ প্ৰতিজন ভাৰতীয়লৈ এই আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ৭৮সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া এই আহ্বানৰ প্ৰতি দেশজুৰি দেখা গৈছে ব্যাপক সঁহাৰি । আজি কামৰূপ জিলাৰ সদৰ আমিনগাঁৱতো “হৰ ঘৰ ত্ৰিৰংগা” ৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ গ্ৰহণ কৰা হয় কেইবাটাও কাৰ্যসূচী । কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে পৃথকে উলিওৱা চাইকেল আৰু বাইক ৰেলীত ত্ৰিৰংগাৰে ৰঙীন হৈ পৰে কামৰূপ জিলাৰ সদৰ আমিনগাঁও আৰু উত্তৰ গুৱাহাটী । নৱপ্ৰজন্মক দেশপ্ৰেমৰ বাণীৰে উদ্বুদ্ধ কৰিবলৈ উলিওৱা সুদীৰ্ঘ চাইকেল ৰেলীত কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । চাইকেল ৰেলী উদ্বোধন কৰি কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ কথা গভীৰভাৱে স্মৰণ কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ক দেশমাতৃৰ বাবে সেৱা কৰিবলৈ আহ্বান জনায় । ইফালে, কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে উলিওৱা প্ৰায় ১৫ কিলোমিটাৰজোৰা মটৰচাইকেল ৰেলীত শতাধিক লোকে অংশগ্ৰহণ কৰে । কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত নিতা বিনোদ ৱাৰীয়ে মটৰচাইকেল ৰেলী উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ ত্ৰিৰংগা সফল কৰি তুলিবলৈ আহ্বান জনায় । কামৰূপ জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে নেতৃত্ব দিয়া বাইক ৰেলীত বহু বিষয়া-কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে ।

Featured