২ জুলাইৰ পৰা লখিমপুৰত জিলা আয়ুক্তৰ সন্মিলন

🎯 চাৰি দিন ধৰি বাহৰ পাতিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

বিশেষ বাৰ্তা, ৩০ জুনঃ অহা দুই জুলাইৰ পৰা লখিমপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হব জিলা আয়ুক্তসকলৰ সন্মিলন। প্রথম বাৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হবলগীয়া এই সন্মিলনখন নগৰৰ সমীপৰ চুকুলীভৰীয়াৰ সন্মিলন কেন্দ্রত অনুষ্ঠিত হব। তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক মানৱ ডেকাই তদাৰক কৰি সন্মিলন খন খুট নৰখাকৈ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি কৰিছে। উল্লেখ্য এই সন্মিলন উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত চাৰি দিন বাহৰ পাতিব। সন্মিলনৰ এদিন পূৰ্বেই অৰ্থাৎ এক জুলাইৰ দিনাই মুখ্যমন্ত্রীগৰাকী আহি জিলাখনত উপস্থিত হোৱাৰ কথা। প্ৰথম দিনা তেওঁ পদুমনি আই থান, ঘাগৰত নিৰ্মীয়মান সোৱণশিৰি নদীৰ দলং, মাধৱদেৱ কলাক্ষেত্র, মাধৱদেৱৰ জন্মস্থান আদিৰ লগতে অনিৰুদ্ধ দেৱৰ থান আদি পৰিদৰ্শন কৰিব। দ্বিতীয় দিনা আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰাৰ উপৰি চাবতি ষ্টেডিয়াম, নকাড়ী উৰণ সেতুৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিব। তৃতীয় দিনাৰ সূচী মতেও মুখ্যমন্ত্রীগৰাকীয়ে আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰাৰ উপৰি লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰিব। চাৰি জুলাইৰ দিনা বগীনদীৰ এক কাৰ্য্যসূচীৰ পাছতে মুখ্যমন্ত্রীগৰাকী জিলাখনৰ পৰা ৰাওনা হব।

প্ৰেৰক জীৱন গোস্বামী

Featured