মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আয়োজিত দিব্য কলা মেলাত মন্ত্ৰী পীযূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১২ মে’: গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেন্টাৰত বিশেষভাৱে সক্ষম ব্যক্তি (দিব্যাংগ) সৱলীকৰণ বিভাগৰ উদ্যোগত আয়োজন কৰা সপ্তাহজোৰা দিবা কলা মেলা ২০২৩ আজি মুকলি কৰা হয়। এই উপলক্ষে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত থাকে।

আদৰণি ভাষণত বিশেষভাৱে সক্ষম ব্যক্তি (দিব্যাংগ) সবলীকৰণ বিভাগৰ উপ মহানির্দেশক কিশোৰ বি ছুৱাদে জনোৱা মতে বিভাগটোৱে বিশেষভাৱে সক্ষম ব্যক্তিৰ সৈতে জড়িত বিষয়সমূহত (দিব্যাংগ) নভেল এজেন্সী হিচাপে কাম কৰে য’ত বিভিন্ন হিতাধিকাৰীৰ মাজত সমন্বয়ক প্ৰভাৱিত কৰাটোও অন্তর্ভুক্ত।

জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকে ধৰি দেশৰ বিভিন্ন ৰাজ্যই অংশগ্ৰহণ কৰা সপ্তাহযোৰা মেলাখনে বিভিন্ন সামগ্রী, হস্তশিল্প, হস্ততাঁত আদিৰ কাম দৰ্শনাৰ্থীৰ বাবে এক মনোমোহা অভিজ্ঞতা উপস্থাপন কৰিব।