জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নানিব : তেজপুৰত আঙুৰলতা

বাৰ্তা ব্যুৰ, ২৯ আগষ্ট : সামাজিক মাধ্যমযোগে প্ৰচাৰ চলি থকা মহিলা সুৰক্ষিত নহয় বুলি ওলোৱা প্ৰচাৰ ভুৱা বুলি কয় জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই। তদুপৰি বিজেপিৰ কাৰ্যালয়ত সাত বজাৰ পিছত মহিলা প্ৰবেশ নিষিদ্ধ বুলি ওলোৱা খবৰ সম্পূৰ্ণ ভুৱা উৰা বাতৰি বুলিও স্পস্ট কৰে আঙুৰলতা ডেকাই৷ আনহাতে সামাজিক মাধ্যম যোগে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গক কঠোৰ সমালোচনা কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে। আজি তেজপুৰত মহিলা মৰ্চাৰ বর্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে সামাজিক মাধ্যমৰ যোগেদি যুৱ প্ৰজন্মৰ হাৰ্ট থৰ্ব  জুবিন গাৰ্গক ভিন্নজনে বেয়াকৈ সমালোচনা কৰাটো আপত্তি দৰ্শাইছে। জনপ্ৰিয় শিল্পীগৰাকীয়ে সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ৰাজনৈতিক দল জাতীয় পৰিষদৰ বিষয়ে কৰা মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহলত এক খলকনি লাগিছে। ইয়াৰ পিছত বহুতে জনপ্ৰিয় শিল্পীগৰাকীক সামাজিক মাধ্যমত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ মহিলা মৰ্চাৰ সৱনেত্ৰী আঙুৰলতাই কয় যে জুবিন গাৰ্গৰ গীত  সৰুৰে পৰাই শুনি আহিছোঁ তেওঁৰ গীতত যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণা আৰু বাৰ্তা প্ৰেৰণ কৰাৰ লগতে উদ্বুদ্ধ কৰে। জুবিন গাৰ্গক ৰাজনৈতিৰ মাজত সোমোৱাব নালাগে তেওঁ যি ধৰণেৰে আছে তেনে ধৰণেৰে থাকিবলৈ দিয়া প্ৰয়োজন বুলি কয় । তেজপুৰত ই -ৰিক্সা ছালকৰ ৰূপত বিজেপিৰ সভানেত্ৰী আঙুৰলতা ডেকাই মহিলা সৱলীকৰণ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ তেজপুৰ চহৰৰ ৰাজপথত ই ৰিক্সা চলালে অভিনেত্ৰী তথা বিজেপিৰ মহিলা মৰ্চাৰ সভানেৰী আঙুৰলতা ডেকাই। আজি তেজপুৰত মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব বহন কৰা দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত পাঁচগৰাকী ই ৰিক্সা চলোৱা মহিলাক সম্বৰ্ধনা জনাই কিছু সময় তেওঁলোকৰ মাজত কটালে  অভিনেত্ৰী তথা সভানেত্ৰী ডেকাই। মহিলাৰ দলৰ লগত খোজ কাঢ়ি সকলো পৰ্যায়ৰ মহিলাক একত্ৰিত কৰাৰ লক্ষ্যৰে এইদৰে নিজে স্বাৱলম্বী হোৱা পাছগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা লগতে তেওঁলোকক লগত লৈ নিজে ই ৰিক্সাৰ হেণ্ডেলত ধৰি সতীৰ্থ মহিলাক পিছৰ আসনত বহুৱাই ৰাজপথত ভ্ৰমণ কৰিলে।
প্ৰেৰক পুলক কুমাৰ ডেকা
Featured