ঢকুৱাখনাৰ বাসুদেৱ থান নৰোৱা সত্ৰত দৌলযাত্ৰা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ৰাজ্যৰ ঐতিহাসিক দৌল দেৱালয়সমূহৰ অন্যতম ঢকুৱাখনা উপ-জিলাৰ মৰনৈ বেবেজীয়াস্থিত পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত ২৪ মাৰ্চৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে আয়োজন কৰিছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ৷ সত্ৰ প্ৰতিষ্ঠা কালৰে পৰাই উদযাপন কৰি অহা দৌলযাত্ৰা মহোৎসৱ উদযাপনৰ বাবে যজ্ঞেশ্বৰ চুতীয়াক সভাপতি আৰু অভিজিত দেৱগোস্বামীক সম্পাদক হিচাপে লৈ গঠিত উৎসৱ উদযাপন সমিতিয়ে ইতিমধ্যে ৭খন উৎসৱ উপ-সমিতি গঠন কৰি যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিছে৷ ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈকে চলিব লগা দৌলযাত্ৰা মহোৎসৱ বিভিন্ন ধৰ্মীয় আৰু পৰম্পৰাগত কাৰ্যসুচীৰে আৰম্ভ কৰি ঘুনুচাযাত্ৰা কৰাই সামৰণি মাৰিব বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰ দৌলযাত্ৰা মহোৎসৱত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিও নিশ্চিত কৰিছে বুলিও জানিবলৈ দি দৰ্শনাৰ্থীসকলৰ সুবিধা হোৱাকৈ কেতবোৰ নীতি নিয়ম বান্ধি দিয়া বুলিও জানিবলৈ দিয়ে উৎসৱ উদযাপন সমিতিয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured