বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তি

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ আজি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ জ্যোতি প্ৰসাদ শইকীয়াক নিযুক্তি দিয়া হয়। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ জ্যোতি প্ৰসাদ শইকীয়াক।

মন্ত্ৰী ড০ শৰ্মাই টুইটত লিখে, “বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্ত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ জ্যোতি প্ৰসাদ শইকীয়াক মোৰ আন্তৰিক অভিনন্দন।

মই নিশ্চিত যে আপুনি এই বিশ্ববিদ্যালয়খনক শৈক্ষিক গৌৰৱৰ এক নতুন উচ্চতালৈ লৈ যাব।”

উল্লেখ্য যে, এই নতুন ৰাজ্যিক বিশ্ববিদ্যালয়খনত অন্তর্ভুক্ত হ’ব বহুমুখী পাঠ্যক্রম৷ চুতীয়া সাম্ৰাজ্যৰ বীৰাংগনা সতী সাধনীৰ প্ৰতি সন্মান জনাই গোলাঘাটত স্থাপন কৰা হ’ব এই বিশ্ববিদ্যালয়। ২০২০চনৰ ছেপ্তেম্বৰত অনুষ্ঠিত অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰিছিল।

DR. HIMANTA BISWA SARMAFeatured