বেংককত সন্মানিত চৰাইদেউৰ দন্ত চিকিৎসক ডাঃ মাধুৰ্য বৰগোহাঁই

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ চৰাইদেউৰ প্ৰথমবাৰৰ বাবে জিলাখনৰ সুসন্তান ডাঃ মাধুৰ্য বৰগোহাঁই আমেৰিকাৰ এটি বেচৰকাৰী সংস্থা INTERNATIONAL CONGRESS OF ORAL Implantology (ICOI) দ্বাৰা ASEN CONGRESS বেংককত সন্মানিত হয় । বিগত মে’ মাহত চিকিৎসকজনে এই বিশেষ সন্মানটি প্রথমবাৰৰ বাবে লাভ কৰি সমগ্র জিলাখনলৈ এক সুনাম কঢ়িয়াই আনিছে। ইয়াৰ উপৰি কেইদিনমান পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা বৃহত্তম দন্ত পাঠদানৰ Guinness book of world Recordত অংশগ্ৰহণ কৰি সফলতাৰে সম্পন্ন কৰি আন এক কৃতিত্ব অৰ্জন কৰে চিকিৎসকজনে। ডাঃ মাধুৰ্য বৰগোহাঁই বৰ্তমান সোণাৰিৰ চাণক্য ডেন্টেল ক্লিনিকৰ মুখ্য দন্ত চিকিৎসা বিষয়া। তেওঁ জীৱন দন্ত স্বাস্থ্যক অগ্ৰগতি কৰাৰ বাবে গৱেষণা আৰু ক্লিনিকেল প্ৰেকটিচৰ জৰিয়তে উছৰ্গা কৰি ৰোগীৰ ফলাফলত উল্লেখযোগ্যভাৱে উন্নতি সাধন কৰিছে। ডাঃমাধুৰ্য বৰগোহাঁই কাম কাজৰ বাহিৰেও বিস্তৃত। তেওঁ সমাজৰ স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে বিনামূলীয় দন্ত যত্ন আৰু শিক্ষা প্ৰদান কৰি ইতিমধ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। তেওঁৰ চেষ্টাসমূহে তেওঁৰ বিপুল প্ৰশংসা আৰু অসংখ্য সন্মান লাভ কৰিছে। ড° মাধুৰ্য বৰগোহাঁই হৈছে জিলাখনৰ লাকুৱা অঞ্চলৰ থানামুখ নিৱাসী প্ৰয়াত ত্ৰিবেণ বৰগোহাঁই আৰু শ্ৰীমতী প্ৰণিতা কোঁৱৰ গোহাঞিৰ সুযোগ্য সন্তান। উল্লেখযোগ্য যে বেংককত ICOI বাৰ্ষিক সভাত এই বঁটা গ্ৰহণ কৰি তেওঁৰ স্বীকৃতি ভাষণত তেওঁৰ সহকৰ্মীসকল, পৰিয়াল আৰু ৰোগীসকলক সমৰ্থন আৰু অনুপ্ৰেৰণাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰেৰক আব্দুল জাব্বাৰ

Featured