নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ আর্থিকভাৱে শোচনীয় পৰিয়ালৰ জটিল ৰোগত আক্রান্ত ৩২টি শিশু ৰোগী আৰু অভিভাৱকৰ মুখলৈ হাঁহি বিৰিঙাবলৈ পুনৰ পদক্ষেপ গ্রহণ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশেষকৈ ধনৰ অভাৱত উন্নত চিকিৎসা গ্রহণৰ পৰা বঞ্চিত বৰপেটা, বঙাইগাঁও, মৰিগাঁও, বিশ্বনাথ, যোৰহাট ঢ়েকীয়াজুলি, গোলাঘাট আদিৰ দুর্ভগীয়া পৰিয়ালকেইটাৰ ৰোগী আৰু অভিভাৱকৰ সৈতে পোনপটীয়াকৈ হোৱা কথা–বার্তাৰ পাছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ জি এম চি এইচ আৰু ৰাজ্যৰ বাহিৰত উন্নত চিকিৎসাৰ ব্যৱস্থা গ্রহণৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰে৷ মঙলবাৰে‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে আঁত ধৰা ‘আশা নৱজীৱনৰ প্রয়াস’ শীর্ষক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাই ৩২জন ৰোগীৰ অভিভাৱকৰ সৈতে পোনপটীয়াকৈ কথা পাতি বেমাৰ আৰু চিকিৎসা কি পর্যায়ত আছে, সেই সম্পর্কে বুজ লয়৷ এই অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিনহা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণম উপস্থিত থাকে৷
উল্লেখ্য যে মাটি–ভেটি বিক্রী কৰি সন্তানৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ ফলত ইতিমধ্যে সর্বস্বান্ত হোৱা পৰিয়ালকেইটাক উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ বাবে নিউজ লাইভে এই অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানতে উল্লিখিত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্য বিষয়াৰ সৈতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ মানৱ সেৱাৰ পূর্ণ প্রতিশ্রুতিৰে দুর্ভগীয়া শিশুকেইটাৰ জীৱনৰ হেৰুওৱা ছন্দ ঘূৰাই অনাৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে৷ অনুষ্ঠানত শিৱসাগৰৰ ৫ বছৰীয়া শিশু দিনতা দত্ত, ৯ বছৰীয়া পম্পী দিহিঙীয়া, ১০ বছৰীয়া মৃণ্ময় গগৈ, ৯ বছৰীয়া দেৱজিৎ দত্তৰ অভিভাৱকৰ সৈতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই কথা পাতি তেওঁলোকৰ সন্তানৰ ৰোগ সম্পর্কে বুজ লয়৷ সেইদৰে মৰিগাঁৱৰ দেৱ বিশ্বাস (১০), জিণ্টুমণি শইকীয়া (১০), ধর্মিষ্ঠা কাকতি (৬), যোৰহাটৰ প্রীয়াক্ষি বৰা (২ বছৰ ৬ মাহ), অৰজিৎ বৰা (১৪), মাজুলীৰ তনুশ্রী হাজৰিকা (৪), বিশ্বনাথৰ দেৱাশিস ছেত্রী (৫), জামুগুৰিৰ ৰিয়ান দাস (১ বছৰ ৬ মাহ), কংকণ দাস (১০), বৰপেটাৰ পায়েল সাহা (৯), অভিজিৎ বর্মন (৯), হিয়ান দাস (২ বছৰ ৬ মাহ), ময়ূৰী পাঠক (১১), অনামিকা শীল (৩), ঢ়েকীয়াজুলিৰ কর্ণ বৰমহলীয়া (১১), সুজন ঘোষ (১০), গোলাঘাটৰ ৰিয়ান শইকীয়া (৭), আৰিফা বেগম (১১), হীৰকজ্যোতি বৰদলৈ (৭), আলায়ানা ফিজা (৫) আদিকে ধৰি মুঠ ৩২টি শিশুৰ অভিভাৱকৰ সৈতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ অনুষ্ঠানত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শমর্মে গুৱাহাটী আৰু প্রয়োজন সাপেক্ষে গুৱাহাটীৰ বাহিৰৰ আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা প্রদান কৰা হ’ব বুলি কয়৷ ব্রেইন টিউমাৰ, হার্ট, কর্কট, কিডনী আদি ৰোগত আক্রান্ত একাংশ ৰোগীৰ উন্নত চিকিৎসাৰ বাবে অসম আৰোগ্য নিধিৰ পৰা আঢ়ৈ লাখৰ পৰা তিনি লাখ পর্যন্ত টকাকৈ দিয়া হ’ব বুলি উল্লেখ কৰে৷
আনহাতে, চকু আৰু কাণ, পেটৰ অসুখ, থেলাচেমিয়া আদি ৰোগত আক্রান্ত একাংশ ৰোগীয়ে চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ লগতে মাহে আঢ়ৈ হাজাৰকৈ অভিভাৱকক দিয়া হ’ব বুলি ঘোষণা কৰে৷ অনুষ্ঠানত বর্তমানলৈকে এনেধৰণৰ বিভিন্ন ৰোগত আক্রান্ত হোৱা ৫৬টা শিশুক ইতিমধ্যে চিকিৎসা প্রদান কৰা হৈছে বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ইয়াৰ ভিতৰত ১৬টা শিশু বর্তমান জি এম চি এইচত আৰু ১৪টা শিশু ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ আছে৷ আনহাতে ২৬টা শিশু ইতিমধ্যে চিকিৎসা গ্রহণ কৰি জি এম চি এইচৰ পৰা ঘৰলৈ উভতি গৈছে৷ অনুষ্ঠানত ড০ শর্মাৰ বৰপেটাৰ হাউলীৰ অভিজিৎ বর্মন নামৰ শিশুটিৰ স্বাস্থ্য বুজ লোৱাৰ সময়ত পৰিয়ালটোৱে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা বুলি জানিব পাৰে পিতৃ প্রদীপ বর্মনৰ জৰিয়তে৷
উল্লেখ্য যে প্রদীপ বর্মন এগৰাকী দৃষ্টিহীন লোক৷ এগৰাকী দিব্যাংগ ব্যক্তি হিচাপে বর্মনেও দিব্যাংগ পেন্সন আঁচনিৰ ধন লাভ নকৰা বুলিও জানিব পাৰে৷ এই কথা জানিব পাৰি স্বাস্থ্যমন্ত্রীয়ে পৰিয়ালটোৱে দুয়োখন আঁচনিৰ ধন কিয় লাভ কৰা নাই, সেই বিষয়ে বৰপেটাৰ উপায়ুক্তক ফোনযোগে তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ লগতে জিলাখনৰ এনে আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত কোনো পৰিয়াল আছে নেকি, তাৰ অনুসন্ধান কৰিবলৈ উপায়ুক্তক নির্দেশ দিয়ে৷ তদুপৰি বাকী জিলাসমূহতো যদি এনেধৰণৰ আঁচনিৰ পৰা বঞ্চিত কোনো লোক আছে, তেন্তে জিলা উপায়ুক্ত তথা বিধায়কৰ লগত যোগাযোগ কৰিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ উল্লেখ্য যে যোৱা ১১ জানুৱাৰীৰ পৰা প্রথমে জি এম চি এইচত দুদিনীয়াকৈ চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ স্নেহস্পর্শ শীর্ষক শিবিৰত ১,০৭৭ শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত ৪১৯টা শিশু চেৰিব্রেল পালছী ৰোগত আক্রান্ত হোৱা বুলি চিনাক্ত হয়৷ অহা ২৮ জানুৱাৰীতো আৰু এটা চেৰিব্রেল পালছীৰ শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে৷ উক্ত শিবিৰত শিশুৰ পঞ্জীয়ন আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব৷ পৰৱর্তী সময়ত ডিব্রুগড়, বৰপেটা, যোৰহাট, ডিফু, তেজপুৰ আৰু শিলচৰ মেডিকেল কলেজতো এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷