৫৫ লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰাটো ড৹ শৰ্মা চৰকাৰৰ সফলতা

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ “ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰি মোক খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ পিছতে আমি বহু তদন্ত কৰি গম পাইছিলো যে বিজেপিৰ চৰকাৰ অহাৰ আগতে ৰাজ্যত ৰেচন কাৰ্ড প্ৰদানত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল। সেই সময়ত ৰাজনৈতিক আশীৰ্ব্বাদ পুষ্ট আৰু বিভাগৰ বহু অঙহী বঙহীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছিল। ফলত ৰাজ্যৰ লাখ লাখ যোগ্য দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত হৈ আহিছিল। মই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজহুৱাভাবে এটা আবেদন জনাইছিলো যে যি সকল ধনী মানুহে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰি আছে তেওঁলোকে নিজে সততাৰে সেই সুবিধা ত্যাগ কৰিব লাগে। তাৰ পিছত একে অনুৰোধ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱাত প্ৰায় ডেৰ লাখ লোকে ৰেচন কাৰ্ড ত্যাগ কৰিছিল।কিন্তু তাৰ পিচতো বহু লাখ লোকে অবৈধ ভাবে এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আছিল।” এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত বজালী জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ অভিলাসী আঁচনি “অৰুণোদয় ৩.০”ৰ শুভাৰম্ভ অনুষ্ঠানত বজালী বিধানসভা সমষ্টিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে কয়, “ৰেচন কাৰ্ড এখন থাকিলে আমাৰ সৰ্বসাধাৰণ মানুহখিনিয়ে যথেষ্ট পৰিমাণে সকাহ পায়৷ কেৱল চাউল পাবৰ বাবেই নহয় আয়ুষ্মান কাৰ্ড, বীমা আঁচনিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত ৰেচন কাৰ্ডখনে দুখীয়া ৰাইজক বহুখিনি উপকৃত কৰে ৷ আৰু সেইবাবেই চৰকাৰৰ পৰা অন্ততঃ ৰেচন কাৰ্ড এখন ৰাইজে আশা কৰে৷ কিন্তু যোৱা বিধানসভা নিৰ্বাচনত আমাৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত ৰেচন কাৰ্ড দিয়াৰ কথাটো উল্লেখ নাছিল৷ সেয়েহে ৰাইজে আমাৰ চৰকাৰে ৰেচন কাৰ্ড দিব বুলি আশাও কৰা নাছিল৷ কিন্তু ইয়াৰ পিছতো দুখীয়া ৰাইজৰ কথা চিন্তা কৰিয়েই অসমৰ জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ২০২২ চনৰ ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনটত ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ৰাইজক সেয়া বিতৰণ কৰা হ’ল৷” মন্ত্ৰী দাসে ৰেচন কাৰ্ড সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰাৰ পিছতে পৰৱৰ্তী সময়ত যোৱা চাৰি ছেপ্তেম্বৰত কেবিনটত পুনৰ ১৯,৯২,১৬৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আজিৰ পৰা ইয়াৰ কাম আৰম্ভ হয় বুলি সন্তোষেৰে ব্যক্ত কৰে মন্ত্ৰী দাসে৷ মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰি কয় যে এই যে ৪২ লাখ নতুন ৰেচন কাৰ্ড দিয়া হৈছে বা ১৯ লাখ ৰেচন কাৰ্ড দিয়া হ’ব এয়া কোনো ভাৰত চৰকাৰৰ পৰা অনা ৰেচন কাৰ্ড নহয়৷ অতি আশ্বৰ্যকৰ কথা যে ৰাজ্য চৰকাৰে যেতিয়া ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিছিল তেতিয়া অসমত ৫৫ লাখতকৈ অধিক ভুৱা হিতাধিকাৰী ধৰা পৰিছিল বুলি মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত বিভিন্ন উপায়েৰে মৃত বা জীৱিত একো একোজন মানুহৰ ভিন্ন-ভিন্ন নামত ১০-১২ জনকৈ হিতাধিকাৰী সৃষ্টি কৰি বছৰ-বছৰ ধৰি সেই ৰেচন কাৰ্ডৰ চাউল আত্মসাৎ কৰি আহিছিল৷ কিন্তু যিহেতু এতিয়া আধাৰ কাৰ্ড আহিল আৰু এজন ব্যক্তিৰ এখনহে আধাৰ কাৰ্ড থাকিব পাৰে সেয়েহে আধাৰ কাৰ্ড সংযোগ কৰাৰ পিছতেই উক্ত ৫৫ লাখতকৈও অধিক ভুৱা হিতাধিকাৰীৰ কথাটো পোহৰলৈ আহে৷ যাৰ ফলস্বৰূপে বৰ্তমানৰ চৰকাৰখনে বিগত সময়ত ৪২ লাখতকৈ অধিক প্ৰকৃত হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিছে আৰু আজিৰ পৰা পুনৰ ১৯ লাখতকৈ অধিক লোকক ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ পাই গৌৰৱ বোধ কৰা বুলি ব্যক্ত কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিভাগীয় মন্ত্ৰী হিচাবে হিতাধিকাৰীসকলক আন্তৰিক শুভেচ্ছা জনায়৷ বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল কোঁৱৰ, গৌৰৱ শেখৰ দাস, পাঠশালা আৰু পাটাছাৰকুছি পৌৰ সভাৰ পৌৰপতিদ্বয়, বিজেপি আৰু অগপৰ বজালী জিলা সমিতিৰ সভাপতি ক্ৰমে নগেন চৌধুৰী আৰু জিণ্টু চৌধুৰী আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি তথা কেইবাশতাধিক ৰাইজ প্ৰখৰ ৰ’দকো নিওচি উপস্থিত থকা এই অনুষ্ঠানত মন্ত্ৰী দাসে পুনৰাই কয়, “মই ভাৱো, অৰুণোদয় ৩.০ আৰু প্ৰায় ২০ লাখ হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ডৰ আঁচনি, এই দুইখন আঁচনি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সৰ্ববৃহৎ আঁচনি ৷ কিয়নো, পূৰ্বতে প্ৰতিটো বিধানসভা সমষ্টিত ২০ৰ পৰা ২১ হাজাৰ মহিলাই এই আঁচনিৰ সুবিধা পাইছিল আৰু এতিয়া প্ৰতিটো সমষ্টিতে প্ৰায় ৩০ ৰ পৰা ৩১ হাজাৰ দুখীয়া মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব৷”

প্ৰেৰক কল্যাণ কলিতা