প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক সমৰ্থকক লৈ বস্ত্ৰনগৰীত ড° শৰ্মাৰ ৰোড শ্ব’

🔹 ফণীভূষণ চৌধুৰীক সৰ্বাধিক ভোটত জয়যুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা,  ৫ মে’ : আমি সকলোৱে দীৰ্ঘদিন ধৰি পদুম ফুলৰ ছবিত ভোট দি আহিছোঁ ৷ এইবাৰ বৰপেটা লোকসভা সমষ্টিত সকলোৱে হাতীৰ ছবিত ভোট দিব লাগিব ৷ কিয়নো ইভিএমত পদুম ফুলৰ ছবি নাথাকিব ৷ হাতীত ভোট দিয়া মানেই পদুমত ভোট দিয়া ৷- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি বস্ত্ৰনগৰী শুৱালকুছিত ৭ মে’ত অনুষ্ঠিত হ’ব লগা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি মাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই য’তে নিৰ্বাচনী সভা নকৰোঁ কিয়, শুৱালকুছিত সামৰণি নামাৰিলে নিৰ্বাচনৰ প্ৰচাৰ কিবা আধৰুৱা যেন লাগে ৷ সেইবাবেই প্ৰচাৰৰ সামৰণি আজি ইয়াতে সমাপ্ত কৰিলোঁ ৷ উল্লেখ্য যে প্ৰতিকূল বতৰকো নেওচি আজি শুৱালকুছি মেডিকেল চ’কত হাজাৰ হাজাৰ লোক উপস্থিত হয় ৷ বিয়লি প্ৰায় ৩.৩০ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰষুণৰ মাজতে উপস্থিত হৈ এখন খোলা গাড়ীত উঠি সমৰ্থকসকলক লৈ কিছুদূৰ অহাৰ পিছত বৰষুণ আহি থকাৰ পৰিপ্ৰেক্ষিতত ৰোড শ্ব’ বন্ধ কৰি তাতেই ৰাইজক সম্বোধন কৰি কয়- অহা ৭ মে’ৰ দিনা সকলোৱে দলে-বলে ওলাই আহি হাতীৰ চিনত সৰ্বাধিক ভোট প্ৰদান কৰি মোৰ শক্তি বৃদ্ধি কৰিব লাগিব ৷ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দি লোকসভাৰ আসন বৃদ্ধি কৰি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব লাগিব ৷ দেশৰ উন্নয়ন আৰু প্ৰগতিৰ বাবেই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰয়োজন আছে ৷ হাজো-শুৱালকুছি সমষ্টিৰ পৰা সৰ্বাধিক ভোট দি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰি মোৰ সন্মান ৰক্ষা কৰিব বুলি আশা ৰাখিলোঁ ৷ আজি এনে প্ৰতিকূল বতৰতো আপোনালোকে মোক সংগ দিয়াত সকলোলৈকে ধন্যবাদ জনালোঁ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ ধ্বনি দিয়াত সমৰ্থকসকলে মুখ্যমন্ত্ৰীৰ লগত ধ্বনি দি শুৱালকুছিৰ আকাশ-বতাহ মুখৰ কৰি তোলে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আবেলি ৪.১০ বজাত প্ৰচাৰৰ সামৰণি মাৰে ৷

প্ৰেৰক দিলীপ মেধি

Featured