ড্ৰাইভিং লাইলেঞ্চৰ নামত বিলাসীপাৰাত গিয়াছ উদ্দিনৰ প্ৰৱঞ্চনাৰ জাল

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে দালাল ৰাজ সম্পুৰ্ণৰূপে বন্ধ কৰাৰ বাবে কঠোৰ স্থিতি লোৱাৰ পাছতো একাংশই সহজে ধন ঘটাৰ বাবে বিভিন্ন ক্ষেত্ৰত দালালি কৰ্ম-কাণ্ড চলাই গৈছে। তেনে এক ঘটনা সংঘটিত হ’ল বিলাসীপাৰাত। বিলাসীপাৰাত এজন প্ৰবঞ্চকে লুটি নিলে বৃহৎ অংকৰ ধন। চালকৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইচেন্স) উলিয়াই দিয়াৰ নামত প্ৰবঞ্চকজনৰ প্ৰৱঞ্চনাৰ বলি হ’ল বিলাসীপাৰাৰ চৰ অঞ্চলৰ কেইজনমান সহজ সৰল যুৱক। প্ৰৱঞ্চকটোৰ নাম গিয়াছ উদ্দিন। ঘৰ কাজাইকাটা ষষ্ঠ খণ্ড গাঁৱত। প্ৰৱঞ্চক গিয়াছ উদ্দিনে ড্ৰাইভিং লাইচেন্স কৰি দিয়াৰ নামত সংগ্ৰহ কৰে পাঁচ হাজাৰকৈ টকা। প্ৰৱঞ্চকজনৰ কথাত ভোল গৈ সহজ সৰল গঞা যুৱক নূৰ ইছলাম, ৰফিকুল ইছলাম, হামেদ আলী, নওসাদ আলী আদি কৰি বিভিন্ন যুৱকে গিয়াছ উদ্দিনক পাঁচ হাজাৰকৈ টকা দিয়ে। কিন্তু নহ’ল কাৰোৰেই ড্ৰাইভিং লাইচেন্স। আজি কালি কৰি কৰি চাৰিটা বছৰ অতিক্ৰম হ’ল কিন্তু ড্ৰাইভিং লাইচেন্স নহল বুলি ভুক্তভোগী যুৱকসকলে অভিযোগ তুলিছে। উপায়ান্তৰ ভুক্তভোগীসকলে প্ৰৱঞ্চক গিয়াছ উদ্দিনৰ বিৰুদ্ধে বিলাসীপাৰা  থানাত গোচৰ তৰিছে। লগতে প্ৰৱঞ্চকজনৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী যুৱকসকলে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured