ব্যক্তিগত ড্রাইভিং স্কুলতে দিব পাৰিব গাড়ীচালনাৰ পৰীক্ষা

🔹 কেন্দ্রীয় পথ পৰিবহণৰ নতুন নিয়ম
🔹১ জুনৰ পৰা সমগ্র দেশতে হ’ব কার্যকৰী

বিশেষ বাৰ্তা, ২৩ মে’ : দেশত নতুন ড্রাইভিং লাইচেন্সৰ নিয়ম ১ জুনৰ পৰা বলৱৎ হ’ব৷ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে দেশজুৰি নতুন ড্রাইভিং লাইচেন্সৰ নিয়ম বলৱৎ হ’ব বুলি ঘোষণা কৰিছে৷ এই নতুন নিয়ম অনুসৰি চৰকাৰী আঞ্চলিক পৰিবহণ কার্যালয় (আৰটিঅ’)ৰ পৰিৱর্তে ড্রাইভিং লাইচেন্সৰ বাবে গাড়ীচালনাৰ পৰীক্ষা ব্যক্তিগত ড্রাইভিং স্কুলত দিব পাৰিব৷ এই ব্যক্তিগত ড্রাইভিং স্কুলসমূহ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত হ’ব৷ চৰকাৰী আৰটিঅ’ৰ বোজা হ্রাস কৰাৰ লক্ষ্যৰে চৰকাৰে গাড়ীচালনাৰ প্রমাণ–পত্র বিচৰা লোকক সুবিধা আৰু উপলব্ধতা সহজ কৰাৰ বাবেই এই নতুন নিয়ম বলৱৎ কৰা হৈছে বুলি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰিছে৷ ড্রাইভিং লাইচেন্স অতি সোনকালে লাভ কৰাৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰা বুলি উল্লেখ কৰা হৈছে৷ ব্যক্তিগত ড্রাইভিং স্কুলে গাড়ীচালনাৰ প্রশিক্ষণ পৰীক্ষা লোৱাৰ লগতে প্রমাণ–পত্র প্রদানৰ প্রক্রিয়াও সম্পন্ন কৰিব বুলি মন্ত্রালয়ে প্রকাশ কৰিছে৷ ইপিনে, গাড়ী চালনাৰ ক্ষেত্রত নিয়ম ভংগ কৰাৰ বাবে ভৰিবলগীয়া জৰিমনাও বৃদ্ধি কৰা হৈছে৷ ড্রাইভিং লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ১০০০ টকা জৰিমনাৰ বিপৰীতে ২০০০ টকা ভৰিব লাগিব৷ কিশোৰে গাড়ী চলালে পিতৃ–মাতৃৰ ওপৰত ব্যৱস্থা গ্রহণ কৰাৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব আৰু গাড়ীখনৰ ৰেজিষ্ট্রেচন চার্টিফিকেট বাতিল কৰা হ’ব৷ আনপিনে, ব্যক্তিগত ড্রাইভিং স্কুল খোলাৰ ক্ষেত্রত কেইবাটাও নিয়ম বলৱৎ কৰা হৈছে৷ কোনো ব্যক্তিয়ে গাড়ী চালনাৰ প্রশিক্ষণৰ বাবে ড্রাইভিং স্কুল খুলিলে সেই স্কুল ন্যূনতম এক একৰ ভূমিত হ’ব লাগিব (চাৰিচকীয়াৰ প্রশিক্ষণৰ কাৰণে দুই একৰ ভূমি)৷ ড্রাইভিং স্কুলত প্রয়োজনীয় সকলো প্রশিক্ষণৰ সুবিধা থাকিব লাগিব৷ অতি কমেও পাঁচ বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থকা লোকক পৰিদর্শক হিচাপে নিয়োগ কৰিব লাগিব৷ নতুন নিয়ম অনুসৰি শিকাৰু লাইচেন্সৰ বাবে ৫০ টকা অতিৰিক্তসহ ২০০ টকা মাচুল আদায় দিব লাগিব৷ যদি পুনৰ ড্রাইভিঙৰ পৰীক্ষা ল’বলগীয়া হয়, তেতিয়াহ’লে ৩০০ টকা মাচুল ভৰিব লাগিব৷ ড্রাইভিং লাইচেন্স লাভৰ বাবে ২০০ টকা মাচুল দিব লাগিব৷ আন্তর্জাতিক ড্রাইভিং অনুমতিৰ বাবে ১০০০ টকা দিব লাগিব৷

Featured