মৰঙিত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : মৰঙিৰ লুৰুকিহাট আৰু ঢুলীয়া গাঁও নামৰ গাঁওঁদুখন কেৱল গোলাঘাটৰে নহয়, গোটেই অসমৰে অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ অভিকেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে আৰু সময়ে সময়ে গোলাঘাট সদৰ আৰু নুমলীগড় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ আজিও মৰঙি মৌজাৰ নুমলীগড় আৰক্ষী থানাৰ আৰক্ষীয়ে আকস্মিক অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে৷ গোপন সূত্ৰৰ পম খেদি নুমলীগড় আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা এএছ০৫চি০৯২৫ নম্বৰত পঞ্জীয়নভুক্ত এখন টাটা মেজিক গাড়ীক নিজৰ কব্জাত লৈ তালাছী চলায় আৰু দুটা ড্ৰাগছ সৰবৰাহকাৰীয়ে চাৰিটা সৰু সৰু টেমাত লৈ অহা নিষিদ্ধ ড্ৰাগছ জব্দ কৰে৷ ৫.২ গ্ৰাম ওজনৰ নিষিদ্ধ ড্ৰাগছখিনি হেৰ’ইন বুলি সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে বুলবুল আলী আৰু আবিদ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাকো লগে লগে আটক কৰিছে৷ দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মৰঙিৰ লুৰুকিহাট আৰু ঢুলীয়া গাঁৱত৷ ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপ আৰক্ষী অধীক্ষকো উপস্থিত হৈছেহি আৰু তাৎক্ষণিকভাবে তদন্তত নামি পৰিছে৷ উল্লেখ কৰিব পাৰি যে যোৱা দুই তিনি বছৰ ধৰি গোলাঘাটৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী, কাৰ্বি আংলং, সৰুপথাৰ আদিতো আটক হোৱা সকলো অবৈধ ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ী মৰঙিৰ লুৰুকিহাটৰে বুলি বাৰে বাৰে চিহ্নিত হৈ আহিছে যদিও আৰক্ষীয়ে মৰঙিৰ অবৈধ ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাত কৰিবলৈ সক্ষম নোহোৱাত চিন্তা ব্যক্ত কৰিছে মৰঙিৰ সচেতন সমাজে৷

প্ৰেৰক অৰ্ণৱ শইকীয়া

Featured