ধুবুৰীৰ বাহাদুৰটাৰীত ড্ৰাগছ পেডেলাৰৰ ঘাটি 

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ ধুবুৰী চহৰৰ বাহাদুৰটাৰীৰ একাংশ অঞ্চল হৈ পৰিছে নেকি? বৰ্তমানে ড্ৰাগছ আসক্ত যুৱকৰ এক ঘাটি? আজি নিশা সেই অঞ্চলটোৰ নিৰ্জন এক ঠাইৰ পৰা সন্দেহজনক ড্ৰাগছসহ অপ্ৰাপ্তবয়স্ক যুৱক এজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। উল্লেখ্য যে নিশা হ’লেই ধুবুৰী চহৰৰ উক্ত অঞ্চলটোৰ কিছু ঠাই এচাম ড্ৰাগছ পেডেলাৰকে অবৈধ চুলাই মদৰ ঘাটি হৈ পৰা বুলি স্থানীয় একাংশ মহলে দীৰ্ঘদিনৰ পৰাই সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured