লাহৰীঘাটত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২১ জুলাই : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাটৰ টেঙাগুৰিত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হ’ল ছাকিল আনোৱাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ২০টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে। ড্ৰাগছখিনিৰ ওজন ৩.২৯ গ্ৰাম। উল্লেখ্য যে টেঙাগুৰি অঞ্চল সম্প্রতি ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে।

প্ৰেৰক আবুল কালাম

Featured