হোজাইত টোলগেটত সুৰামত্ত চালকে চোলা ফালিলে নিৰাপত্তাৰক্ষীৰ 

নিয়মীয়া বাৰ্তা, ১৭ জুন : বহু বিতৰ্কিত হোজাই জিলাৰ মদৰতলি টোলগেটত পুনৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ।  ঈদৰ আনন্দৰ মাজতেই ডবকা টোলগেটত পুনৰ  মাৰপিটৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এইবাৰ কিন্তু টোল কৰ্মচাৰীৰ লগত নহয়, এইবাৰ এই ঘটনা সংঘটিত হয় আৰক্ষী আৰু চালকৰ মাজত। সুৰা সেৱন কৰা চালক আৰু টোলগেটৰ নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা । সুৰামত্ত চালকে মিন্টু মণি গগৈ নামৰ হোমগাৰ্ডজনক আক্ৰমণ কৰি চোলা ফালি দিয়ে ৷ আৰক্ষীৰ প্ৰহাৰত চালকজনো আঘাতপ্ৰাপ্ত হৈছে৷ চালকজনে মাতাল হৈ সোণাপুৰ টোলগেটৰ বুলি চিনাকি দি কৰিছিল অভদ্ৰামি৷ তাৰ পিছতেই  এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । পিছত ডবকা আৰক্ষীয়ে আটক কৰে  চালকজনক । সুৰা সেৱন কৰি চালকজনে অভদ্ৰ ব্যৱহাৰ কৰাৰ বাবে নিৰাপত্তাৰক্ষীয়ে বাধা দিয়া বাবেই এই সংঘাতৰ সৃষ্টি হৈছিল ৷ আৰক্ষীৰ প্ৰহাৰত চালকজনৰ মুখেৰে তেজ নিৰ্গত হৈছে যদিও  দুয়োকে চিকিৎসা প্ৰদান কৰা হৈছে৷ 

 

প্ৰেৰক কিশলয় ডি গোস্বামী

Featured