ডি এচ পি ৰূপে নিযুক্তি লাভ কৰিলে হিমা দাসে

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ   ধিং এক্সপ্ৰেছ হিমা দাসক উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হয় । আজি মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা ৫৯৭ উপ-পৰিদৰ্শকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিমা দাসকো উক্ত পদত নিযুক্ত কৰা হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্ত হোৱা ৫৯৭ গৰাকী বিষয়াকো আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

নিযুক্তি লাভ কৰি হিমা দাসে কয় যে মুখ্যমন্ত্ৰীকে ধৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জ্ঞাপন কৰে । হিমাই কয় যে, “যেতিয়া পৰা মই বিদ্যালয়লৈ গৈছোঁ তেতিয়াৰ পৰাই মোৰ ইচ্ছা আছিল আৰক্ষী হোৱা । আৰু এই ইচ্ছাৰ আঁৰৰ মানুহগৰাকী হৈছে মোৰ মা । কাৰণ আন ছোৱালীয়ে যেতিয়া পুতলা হাতত লৈছিল, মই তেতিয়া পিষ্টল বিচাৰিছিলোঁ । তেতিয়া মোৰ মায়ে কৈছিল যে তোমাৰ যদি পিষ্টলৰ প্ৰতি ইমান হেপাঁহ তেনেহ’লে তুমি আৰক্ষী হোৱা । তেতিয়া তুমি চাকৰিও পাবা আৰু দৰমহাও পাবা । মোক প্ৰদান কৰা এই স্বীকৃতিৰ বাবে আৰু খেলুৱৈক খেলৰ প্ৰতি উৎসাহিত কৰিব । মই বিচাৰোঁ আজি নিযুক্তিপ্ৰাপ্ত উপ-পৰিদৰ্শকসকলৰ অন্তত ১০-১৫জন ভাল খেলুৱৈ জন্ম হওঁক ।”