বিজনীত নকল নোটৰ মাষ্টাৰমাইণ্ড দুলাল আলীক গ্ৰেপ্তাৰ 

নিয়মীয়া  বাৰ্তা, ১০ ছেপ্টেম্বৰ : চিৰাং জিলাৰ বিজনী মহকুমা অঞ্চলত জালনোটৰ প্ৰচলনেৰে দেশৰ অৰ্থনীতিক ধ্বংস কৰিবলৈ ওলোৱা এটা নকল নোটৰ ব্যৱসায়ী চক্ৰৰ তিনিজনকৈ লোক ইতিমধ্যে আৰক্ষীৰ জালত পৰাৰ পাছত আজি মূল মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ হৈছে ৷ বিজনী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, বিজনী থানাৰ অন্তৰ্গত দুই নম্বৰ ছাৰাগাঁৱৰ বাসিন্দা দুলাল আলীক আজি পুৱতি নিশা নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। দুলাল আলী হৈছে সাম্প্ৰতিক সময়ত বিজনী অঞ্চলত জালনোট বিয়পাই দিয়া মূল মাষ্টাৰমাইণ্ড ৷ দুই নম্বৰ ছাৰাগাঁৱত ঔষধৰ দোকানৰ স’তে জড়িত এই লোকজন বিগত দিনত এছ এছ বি আৰু আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হয় ৷ উল্লেখযোগ্য যে বিগত দিনত দুজন ধৃত লোকৰ পৰা নকল টকা বনোৱা মেচিন, চকাযুক্ত নকল টকা বনোৱা সামগ্ৰী জব্দ কৰাৰ পাছত এই  চক্ৰটোৰ সতে জড়িত আন এজন অভিযুক্ত বিজনী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৷ শেহতীয়াভাৱে নকল টকা বনোৱা চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড দুলাল আলীক গ্ৰেপ্তাৰৰ জৰিয়তে চক্ৰটো উৎখাত হোৱা বুলি আৰক্ষী সূত্ৰই ক’ব খোজে ৷ আজি অভিযুক্ত দুলাল আলীক বিজনী মহকুমাৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ 
Featured