বুটামেৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ : ধুবুৰীৰ সঞ্জীব বসাকৰ চমক

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : প্ৰতি বছৰৰ দৰে এইবেলিৰ দুৰ্গাপূজাতো ধুবুৰীৰ স্থানীয় শিল্পী সঞ্জীব বসাকৰ এটি অভিনৱ দুৰ্গা প্ৰতিমাই ৰাইজৰ মাজত সৃষ্টি কৰিব পাৰে আলোড়নৰ। বিগত কেইবামাহৰ পৰা অসীম পৰিশ্ৰমেৰে ২ লাখ বুটামেৰে (কাপোৰত লগোৱা) শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি আছে এক বিশেষ দুৰ্গা প্ৰতিমা। পেছাত চৰকাৰী চাকৰিয়াল বসাকে নিজৰ চৰকাৰী কৰ্তব্য সামৰাৰ পিছত উজাগৰী নিশা কটাই নিৰ্মাণ কৰি থকা এই বিশেষ প্ৰতিমাটো এতিয়া নিৰ্মাণৰ অন্তিম পৰ্যায়ত। উল্লেখ্য যে ধুবুৰী চহৰৰ বালুৰচৰ অঞ্চলৰ বাসিন্দা সঞ্জীৱ বসাকে  বিগত কেইবাবছৰৰ পৰা দুৰ্গা পূজাত অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি মুগ্ধ কৰি আহিছে ৰাইজক৷ যোৱাবেলি ফেন, মটৰ আদি বিভিন্ন বৈদ্যুতিক যন্ত্ৰাংশৰ প্ৰায় ২৭ কিলোগ্ৰাম ওজনৰ তামৰ তাঁৰৰ কুণ্ডলীৰে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ এক দুৰ্গা প্ৰতিমাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বহুতৰে। উল্লেখনীয় এয়াও যে বসাকে ২০১৬ চনত থাৰ্মক’লেৰে নিৰ্মাণ কৰা ৪৮ ফুট উচ্চতাৰ এটি দুৰ্গা প্ৰতিমা প্ৰদৰ্শিত হৈছিল গুৱাহাটীৰ পাণবজাৰৰ পূজা মণ্ডপত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured