বেলশৰত মহানৱমীত বলিৰ বাবে সাজু ৫৫টাৰো অধিক ম’হ

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ঋতুৰাণী শৰতৰ আগমনৰ পিছতেই ধৰাৰ বুকলৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ। পবিত্ৰ শৰতৰ সময়ত মহালয়াৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰীগৰাকীৰ মৰতলৈ আগমন হোৱাৰ পিছতেই দেৱী দুৰ্গাৰ পূজা-আৰাধনাক লৈ ব্যস্ত হৈ পৰে প্ৰতিখন পূজা সমিতি। ২ অক্টোবৰ মহালয়া (কৃষ্ণ পক্ষ)। পৱিত্ৰ মহালয়াৰ পিছৰটো দিনৰে পৰা অৰ্থাৎ শুক্লা প্ৰতিপদৰ পৰা দেৱীৰ নৱৰাত্ৰী পূজা আৰম্ভ হৱ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন শৈৱ পীঠস্থান শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ত। ৰজাদিনীয়া পৰম্পৰাৰে প্ৰচলিত শাৰদীয় দুৰ্গোৎসৱক লৈ মহিমামণ্ডিত দেৱালয়খনত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ৩ অক্টোবৰৰ প্ৰতিপদ তিথিৰ দিনা শৈলপুত্ৰী পূজা-বন্দনাৰে দেৱালয়খনত আৰম্ভ হৱ লগা পূজাৰ প্ৰতিদিনে দেৱীৰ নটা ৰূপত পূজা-অৰ্চনা চলিৱ। উল্লেখ্য যে প্ৰাচীন শৈৱ পীঠস্থান বিল্বেশ্বৰ দেৱালয়ৰ মণিকূটৰ ভিতৰত প্ৰতিপদ পূজাৰ দিনা শৈলপুত্ৰী ৰূপে শক্তিৰূপিনী মা দুৰ্গাৰ পূজা-আৰাধনা চলাৰ পিছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিনী, চন্দ্ৰঘন্টা, কুস্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত দেৱী পূজা হৱ আৰু ইয়াৰ পিছত মহা ষষ্ঠীৰ সন্ধিয়া দেৱীৰ বোধন আমন্ত্ৰন কৰি বহু আকাংক্ষিত বেল বৰণ কৰাৰ পিছতেই দেৱালয়ৰ মণিকূটৰ বাহিৰৰ স্থায়ী দুৰ্গা মন্দিৰত দেৱীৰ নৱপত্ৰিকা প্ৰবেশ ঘটাই মহা সপ্তমীৰ কালৰাত্ৰীৰূপত, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিৰাত্ৰী ৰূপত নৱৰাত্ৰী পূজা, আৰাধনা কৰাৰ পিছত দশমীৰ দিনা বিজয়া দশমী উৎসৱ হিচাপে উদযাপন কৰা হৱ। এনে পৰম্পৰা প্ৰথা তাহানীৰ ৰজাৰ দিনৰে পৰা চলি আহিছে। আভ্যন্তৰীন জাকজমকতাবিহীনভাৱে আধ্যাত্মিক বৈদিক নীতি-নিয়মৰ মাজেৰে আৰু বাহ্যিক ৰং, বিৰঙৰ আলোকসজ্জা আৰু নান্দনিক আকৰ্ষনীয় পৰিবেশৰ মাজেৰে উদযাপন কৰি অহা অসমৰ প্ৰাচীন শৈৱপীঠস্থান বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ চৌপাশ অধিক আকৰ্ষনীয় কৰাৰ বাবে পূজা কমিটিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এই শৈৱপীঠৰ দহদিনীয়া শাৰদীয় দুৰ্গোৎসৱখন সুন্দৰ ৰূপত পৰিচালনা কৰাৰ বাবে ৰাইজে যুৱ শক্তিক প্ৰাধান্য দিছে।ইপিনে,পূজা উদযাপনৰ বাবে ৪৫ লাখ টকাৰ বাজেট নিৰ্ধাৰন কৰি উদযাপন সমিতিয়ে নতুন পৰিকল্পনা, নতুন ইতিবাচক চিন্তালৈ আগবাঢ়িছে।

মুখ্যমন্ত্ৰীক বিশেষ কৃতজ্ঞতা পূজা কমিটিৰ
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ পূজা কমিটীয়ে জ্ঞাপন কৰিছে বিশেষ কৃতজ্ঞতা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ১৩ ছেপ্টেম্বৰত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দেৱালয় পূজা কমিটীৰ এটা প্ৰতিনিধি দলে আগন্তুক শাৰদীয় দুৰ্গোৎসৱলৈ আমন্ত্ৰন জনায়। মুখ্যমন্ত্ৰীগৰাকীক উস্ম সম্বৰ্ধনাৰে দেৱালয়লৈ আদৰণি জনোৱাৰ লগতে অসম চৰকাৰে নলবাৰী কেবিনেটত লোৱা সিন্ধান্তমৰ্মে শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়ৰ আন্তঃগাঁথনি পুনৰ নিৰ্মানৰ বাবে তিনি কোটি টকাৰ অনুদান আগবঢ়োৱা কাৰ্যক বিশেষ ধন্যবাদ জনাই প্ৰতিনিধি দলটোৱে।তদুপৰি উক্তদিনা প্ৰতিনিধি দলটোৱে দেৱালয় কেন্দ্ৰিক বিহামপুৰ বেলশৰ পথৰ বহলীকৰন তথা আধুনীকৰন, দেৱালয়ৰ সন্মুখৰ পৰা নলিচা, ককয়া, জাগাৰা সংযোগী পথটো উন্নীতকৰণৰকে ধৰি আন কেবাটাও সমস্যা সমাধান কৰাৰ দাবী জনায়। এনে দাবী কেইটা মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্নসহকাৰে লোৱা বুলি প্ৰতিনিধি দলটোক জনাই দিয়ে।ইয়াৰ পিছতে আজিৰে পৰা দেৱালয়ৰ সন্মুখৰ পৰা নলিচা, ককয়া, জাগাৰা সংযোগী পথটোৰ উন্নীতকৰণৰ কাম আৰম্ভ হোৱাত দুৰ্গা পূজা পৰিচালনা সমিতিৰ লগতে অঞ্চলবাসী ৰাইজে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে।

প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা, প্ৰদৰ্শনী, সংগীত অনুষ্ঠানৰ আয়োজন
বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুৰ্গোৎসৱত প্ৰথমবাৰৰ বাবে সংযোজিত তিনি নতুন কাৰ্যসূচীৰ ভিতৰত ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হৱ লগা গ্ৰন্থমেলাখন উদ্বোধন কৰিব বিশিষ্ট ঔপন্যাসিক ড০ ৰীতা চৌধুৰীয়ে।লগতে দেৱালয়ৰ ইতিহাস সম্বলিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব অসম সাহিত্য পৰিষদৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured