অসমসহ উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকে ধৰি অসমত আজি সন্ধিয়া মৃদু প্রাবল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি সন্ধিয়া ৫ বাজি ৫৯ মিনিট ৬ ছেকেণ্ডত প্ৰায় এটি মৃদু জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ২.৫ কম্পনাংক। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তৰ পূব দিশত ৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে ভূমিকম্পটোৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই ।

#বাৰ্তা ডেস্ক

Featured