‘পুত্ৰক মুক্তি দিয়ক অন্যথা আমাকো মাৰি পেলাওক’- পৰেশ বৰুৱালৈ বৃদ্ধ মাতৃৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ আলফাই আজি ডেৰমাহে আবদ্ধ কৰি ৰখা কুইপোৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ বাবে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ জনাইছে গগৈৰ পত্নীৰ লগতে পিতৃ-মাতৃয়ে।

প্ৰণৱ গগৈৰ বৃদ্ধ মাতৃয়ে একমাত্ৰ পুত্ৰক মুক্তি দিবলৈ অনুৰোধ জনাই কয় যে মুক্তি দিব নোৱাৰিলে তেওঁলোককো মাৰি পেলাওক। আনহাতে গগৈৰ পত্নীয়েও স্বামীৰ মুক্তিৰ বাবে পৰেশ বৰুৱালৈ কাতৰে অনুৰোধ জনায়। তেওঁ লগতে কুইপো কোম্পানীৰ কৰ্তৃপক্ষকো গগৈ আৰু ৰাম কুমাৰক মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য, আলফাৰ হাতত আবদ্ধ থকা কুইপো কোম্পানীৰ আন এগৰাকী কৰ্মচাৰী ৰাম কুমাৰক ১৭ ফেব্ৰুৱাৰীত মৃত্যদণ্ড বিহাৰ ভাবুকি প্ৰদান কৰিছিল আলফাই। যোৱা বৰ্ষৰ ডিচেম্বৰত অৰুণাচলৰ ডায়ুনৰ খুমচাইখাৰ পৰা এটা ১৫জনীয়া দলে অপহৰণ কৰিছিল কুইপো কোম্পানীৰ এই দুই কৰ্মচাৰীক। দুয়োৰে মুক্তিৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি জানিব পৰা গৈছে।