নলবাৰীত ফণীভূষন চৌধুৰীৰ হৈ প্ৰচাৰ মন্ত্ৰী অতুল বৰা-জয়ন্ত মল্ল বৰুৱাৰ

✅অসমৰ আটাইকেইখন আসনেই লাভ কৰিব মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৩নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ ক্ৰমাৎ উত্তপ্ত হৱলৈ লৈছে। উক্ত সমষ্টিটোৰ অন্তৰ্গত নলবাৰী বিধান সভা সমষ্টিটোত আজি বিজেপি মিত্ৰজোঁটৰ অগপ মনোনীত প্ৰাৰ্থী ফনীভূষন চৌধুৰীৰ হৈ আজি কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।একেদিনাই অনুষ্ঠিত চাৰিখনকৈ জনসভাত উদাত্ত ভাষণ দিয়ে ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাই। সমষ্টিটোত অগপ প্ৰাৰ্থী ফনীভূষন চৌধুৰীৰ সমৰ্থনত এক বিশাল বাইক ৰেলী উলিওৱা হয়। ইয়াৰ পিছত নলবাৰীৰ যজ্ঞভূমিত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত কংগ্ৰেছ-চি পি আই(এম)ক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাই। দিনৰ ১১ বজাত অনুষ্ঠিত বিশাল সভাখনৰ প্ৰাকমুহুৰ্তত প্ৰাৰ্থী ফণীভূষন চৌধুৰী, অগপ সভাপতি অতুল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সহিতে নেতৃবৃন্দক এক বিশাল বাইক ৰেলীৰে মৰোৱা বজাৰ চ’কৰ পৰা যজ্ঞভূমিৰ সভাস্থলীলৈ আদৰি অনা হয়। সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয়- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ ফালে ঢাল খাইছে। মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মূলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে। এইবাৰ পুৰুষৰ কাৰণে আঁচনি প্ৰস্তত কৰা বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰা হ’ৱ। এই নিৰ্বাচনী সভাতে নলবাৰী সমষ্টিৰ পৰা এক লাখ ত্ৰিশ হাজাৰ ভোট ফণীভূষণ চৌধুৰীক প্ৰদান কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই উল্লেখলকৰে।ইপিনে, সংখ্যালঘু তুষ্টিকৰণৰ চৰ্চা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় আমি ভাৰতবৰ্ষৰ ভিতৰত ভোট খুজিছো পাকিস্তান বা বাংলাদেশত ভোট খোজা নাই। ভাৰতৰ ভিতৰত থকা সকলো লোকৰে ভোট আমাক লাগে বুলিও মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। ইপিনে মুল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় মুল্যবৃদ্ধি ক’ত হৈছে বুলি ওলোটাকৈ প্ৰশ্ন কৰি আপোনালোকেহে মুল্যবৃদ্ধি দেখিছে আমাৰ মতে কমিছেহে গেছৰ দাম কমিছে পেট্ৰ’লৰ দাম কমিছে বুলিহে জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।ইপিনে এইবাৰ বৰপেটাত বিৰোধীবিহীন নিৰ্বাচন হোৱা বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ ধুবুৰীত শুকুৰ আলীয়েও জয়ী হ’ৱ, ৰকিবুল হুছেইনেও নিৰ্বাচনত জয়ী হ’ৱ বুলি বুলি কটাক্ষ কৰে মন্ত্ৰী বৰুৱাই। ইপিনে, এই নিৰ্বাচনী সভাত অংশ লৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই চি পি আই (এম) আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। অগপৰ সভাপতিগৰাকীয়ে ফনীভূষণ চৌধুৰী বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰাৰ লগতে অসমৰ আটাইকেইখন আসননেই লাভ কৰিব বুলি মন্তব্য কৰে। কেইবা হাজাৰ লোক উপস্থিত থকা সভাত বিজেপি, এজিপি দলৰ বহু কেইগৰাকী কেন্দ্ৰীয় নেতা, বিষয়ববীয়া আৰু জিলা পৰ্যায়ৰ নেতাই অংশ গ্ৰহণ কৰে। ইপিনে উক্ত নিৰ্বাচনী সভাৰ উপৰিও কাচিমপুৰ বজাৰত, দলুৱা বিষ্ণুজ্যেতি হাইস্কুল খেলপথাৰত আৰু নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত মুঠ চাৰিখনকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়।সভাত অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, দলটোৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাসকে ধৰি বহুকেজন নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured