সোণাৰিত হাতীৰ আক্ৰমণত শ্ৰমিক আহত

🔹 বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ক্ষোভ উজাৰিলে ৰাইজে

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : সোণাৰিত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । নিশা হোৱা মাত্ৰকেই অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য বিচাৰি সোণাৰি নগৰৰ বিভিন্ন উপকণ্ঠ অঞ্চললৈ ঢাপলি মেলা বনৰীয়া হাতীৰ জাকে বিভিন্ন ৰাজপথত মুকলিকৈ বিচৰণ কৰাত স্থানীয় জনতা আতংকিত হৈ পৰিছে। কালি বিয়লি উক্ত হাতীৰ জাকটোৰ আক্ৰমণত এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । ঘটনাৰ বিৱৰণী মতে, কালি বিয়লি প্ৰায় ৮ বজাত সোণাৰি নগৰৰ সমীপৱৰ্তী খেৰবাৰী অঞ্চলৰ শ্ৰমিক ৰাজীৱ মুণ্ডা (২৯) নামৰ যুৱকজনে নিজৰ কাম সমাপন কৰি নিজ ঘৰলৈ গৈ থকা অৱস্থাত হাতীৰ জাকটোৰ মুখামুখি হয় । পাছত হাতীৰ জাকটোৰ মাজৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে যুৱকজনক খেদি খেদি গৈ আক্ৰমণ কৰি তাৰ পৰা আঁতৰি যায় । পাছত তাত উপস্থিত থকা আন আন লোকসকলে যুৱকজনক ততালিকে চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ আনে যদিও সৰ্বশৰীৰত আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসকে তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে, বন বিভাগে শ্ৰমিকজন হাতীৰ আক্ৰমণত আহত হোৱা বুলি মান্তি নোহোৱাত ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে। তদুপৰি বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। সোণাৰিত বন বিভাগৰ কাৰ্যালয়ো ঘেৰাও কৰে ক্ষুব্ধ ৰাইজে।

প্ৰেৰক আব্দুল জাব্বাৰ

Featured