বিজনীত গজৰাজৰ আক্ৰমণত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : ৰাজ্যত হস্তী-মানৱৰ সংঘাত অব্যাহত থকাৰ সময়তে বিজনীত বন্যহস্তীৰ আক্ৰমণত এজন নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ১২নং নতুন মাটিত এই অঘটন সংঘটিত হয়। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় এজন কৃষক । নিহত কৃষকজন ১০নং নতুন মাটিৰ সোণাপুৰ নিৱাসী দুৰ্জো নাৰ্জাৰী (৪৬) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নিহত দুৰ্জো নাৰ্জাৰীয়ে শনিবাৰে নিশা নিজৰ কল বাগান চাবলৈ যায়। পাছত হঠাতে এটা বন্যহস্তী ওলাই আহি দুৰ্জো নাৰ্জাৰীক আক্ৰমণ কৰাত থিতাতে নিহত হয় দুৰ্জো নাৰ্জাৰী । পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

Featured