ৰাজ্যৰ ভিতৰতে বড়ো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ গোসাঁইগাঁৱৰ এলপ্ৰিজাৰ

নিয়মীয়া বাৰ্তা, ১০ মে’ : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  গোসাঁইগাঁও সদৰ চহৰস্থিত গোসাঁইগাঁও ছায়েন্স একাডেমীত এইবাৰ কলা শাখাত এলপ্ৰিজা মুছাহাৰীয়ে ৯৩ শতাংশ নম্বৰ লাভ কৰি জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ এলপ্ৰিজা মুছহাৰীয়ে ৰাজ্যখনৰ ভিতৰত বড়ো বিষয়ত সৰ্বচ্চ ৯৭ নম্বৰ লাভ কৰি আন এক সুনাম অৰ্জন কৰাৰ লগতে গোসাইগাঁও মহকুমাবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ গোসাইগাঁও সদৰ চহৰৰ চাৰি নম্বৰ ওৱাৰ্ডৰ প্ৰেমনাথ মুছাহাৰী আৰু নীলিমা মুছাহৰীৰ কন্যা এলপ্ৰিজা মুছাহাৰী ভৱিষ্যত এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া হোবাৰ স্বপ্ন পুহি ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷উল্লেখনীয় বিষয় যে ২০১৮ চনত গোসাইগাঁৱৰ কেইজনমান শিক্ষা প্ৰেমী যুবকৰ অক্লান্ত প্ৰৰিশ্ৰমৰ ফলত  গোসাইগাঁওস্থিত ছায়েন্স একাডেমী স্থাপন কৰি গোসাইগাঁও মহকুমাত শিক্ষাৰ জাগৰণ আনিবলৈ সক্ষম হৈছে৷ যাৰ ফলশ্ৰুতিত গোসাইগাঁও ছায়েন্স একাডেমি নামৰ ব্যক্তি খণ্ডৰ বিদ্যালয়খনে প্ৰতিবছৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত চমৎকাৰী ফলাফল দাঙি ধৰি গোসাইগাঁও মহকুমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ অভিভাৱক সকলৰ দৃষ্টি আকৰ্ষণ কৰি জাকতজিলিকা শিক্ষানুষ্ঠান ৰূপে গঢ় লোৱাৰ দিশে ধাৱমান হৈছে ৷
প্ৰেৰক মীৰ জিয়াউৰ ৰহমান
Featured