ঠিকাদাৰী প্ৰতিষ্ঠানত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধ

🔹 নাহৰকটীয়াত যুৱ-ছাত্ৰৰ প্ৰতিবাদ

বিশেষ বার্তা, ৭ ছেপ্টেম্বৰ : নাহৰকটীয়াৰ বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্যত  বহিৰাগত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অংশস্বৰূপে সংগঠনটোৱে শনিবাৰে নাহৰকটীয়া নগৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নাহৰকটীয়াৰ বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানত সন্দেহযুক্ত শ্ৰমিকৰ সংস্থাপন বন্ধ কৰি ১০০ শতাংশ থলুৱা শ্ৰমিকক নিয়োগ কৰাৰ লগতে নাহৰকটীয়াৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ জিলা সম্পাদক গৌৰাংগ গগৈ, উপদেষ্টা ৰাজু সোণোৱাল, টিংখাং আঞ্চলিক সমিতিৰ সভাপতি উৎপল ফুকন, সম্পাদক কনচেং চাংমাই, নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি দিব্যজ্যোতি ৰাজকোঁৱৰ, সম্পাদক অনুজ গগৈ, নাহৰকটীয়া মিস্ত্ৰী সন্থা, জাতীয় শ্ৰমিক পৰিষদ আদিকে ধৰি তিনি শতাধিক সদস্য উপস্থিত থকা এই কাৰ্যসূচীৰ পৰাই প্ৰতিবাদকাৰীসকলে নাহৰকটীয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহত সন্দেহজনক শ্ৰমিকৰ সংস্থাপন বন্ধৰ দাবী জনাই জিলা আয়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

Featured