অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত কেন্দ্ৰীয় অৰ্ধ-কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ শোক

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সদৌ অসম কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিবৃত্তিত পৰিষদৰ সভাপতি চন্দন কান্ত বৰুৱা আৰু সাধাৰণ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই কয় যে অসমৰ উন্নতিৰ হকে জীৱনৰ শেষ মুহুৰ্তলৈকে তেখেতে কৰা ত্যাগৰ কথা অসমবাসীয়ে চিৰদিন সোঁৱৰিব। তেখেতৰ মৃত্যুত অসমৰ এক অপূৰণীয় ক্ষতি হ’ল। স্বৰ্গত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনাইছে।